কমনৱেলথ গেমছৰ ফাইনেললৈ অসম কন্যা লাভলিনা; অজাপ নেতা লুৰীণজ্যোতিয়ে জনালে শুভেচ্ছা
২০২৬ চনৰ কমনৱেলথ গেমছত বক্সিং শিতানত ভাৰতে আকৰ্ষণীয় খেল অব্যাহত ৰাখিছে । প্ৰতিযোগিতাৰ নৱম দিনটোত অসমৰ লাভলিনা বৰগোহাঁইৰ লগতে নৰেন্দ্ৰ বেৰৱাল, শচীন ছিৱাচে ছেমি ফাইনেলত জয়লাভ কৰি ফাইনেলৰ দিশে অগ্ৰসৰ হৈছে ।
আজি স্বৰ্ণ জয়ৰ লক্ষ্যৰে কমনৱেল্থ গেমছৰ ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁয়ে । অষ্ট্ৰেলিয়াৰ এমা-ছু গ্ৰীণ্টিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ফাইনেলত । ভাৰতীয় সময় অনুসৰি শনিবাৰৰ নিশা ১০:৪৫ বজাত অনুষ্ঠিত হ’ব ফাইনেল মেচখন ।

লাভলিনা বৰগোহাঁয়ে মহিলাৰ ৭৫ কেজি শাখাত নিজৰ আকৰ্ষণীয় দৌৰ অব্যাহত ৰাখি ছেমি ফাইনেলত টুভালুৰ তৰোনা খানুম বাদি পাছ’নী তাফাকিক পৰাস্ত কৰে । বৰগোহাঁয়ে স্বৰ্ণ পদকৰ দিশে আগবাঢ়িছে । আজি নিশা মহিলাৰ ৭৫ কেজি স্বৰ্ণ পদকৰ বাবে অষ্ট্ৰেলিয়াৰ এমা-ছু গ্ৰীণট্ৰিৰ বিৰুদ্ধে অসমৰ জীয়ৰাগৰাকী অৱতীৰ্ণ হ’ব । অলিম্পিক পদক জয়ী অসম সন্তান লাভলীনা বৰগোহাঁয়ে শনিবাৰে সোণৰ পদক জয়ৰ লক্ষ্যৰে গ্লাছগো কমনৱেলথ গেমছ ২০২৬ ত মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত অৱৰ্তীণ হ’ব ৷
স্বৰ্ণ পদক জয়ৰ দিশে অগ্ৰসৰ হৈ অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁয়ে কয়, “এতিয়া যিহেতু মই ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছো, গতিকে এতিয়া মোৰ বাবে অধিক কঠিন সময় । মই এইবাৰ ফাইনেলত স্বৰ্ণ পদক লাভ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম । আমাৰ প্ৰশিক্ষণ ভাল হৈছে আৰু আমাৰ প্ৰশিক্ষকসকলে শিকোৱাৰ দৰেই অনুশীলন কৰিছো । গতিকে এইবাৰ আমি নিশ্চিতভাৱে সোণৰ পদক লাভ কৰিম ।”
বিভিন্নজনৰ লগতে মন্ত্ৰী কৃষ্ণেন্দু পালে আৰু অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে লাভলীনাৰ এই কৃতিত্বত সামাজিক মাধ্যমযোগে অভিনন্দন জনাইছে ।