NEET-UG ৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ CJP ৰ প্ৰতিবাদৰ সময়ত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পুনৰ সৃষ্টি নকৰিবলৈ শিক্ষাৰ্থী তথা প্ৰতিবাদকাৰীসকলক আহ্বান জনায় ।
নৱ প্ৰজন্মক শুদ্ধ পথ দেখুওৱাটো সমাজৰ দায়িত্ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘’ভুল পথলৈ যোৱাটো সহজ, কিন্তু পুনৰ সঠিক পথলৈ অহাটো বহুত কঠিন আৰু আমি তেওঁলোকক সঠিক পথলৈ আনিব লাগিব । সেয়া আমাৰ দায়িত্ব ।”
উল্লেখ কৰা প্ৰয়োজন যে, মংগলবাৰে অনুষ্ঠিত হয় ২০২৬ চনৰ বৰ্ষাকালীন অধিবেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী । যন্তৰ-মন্তৰৰ প্ৰতিবাদক কেন্দ্ৰ কৰি দুয়োটা সদনত বিৰোধী আৰু শাসকীয় দলৰ মাজত হোৱা তীব্ৰ বাক-বিতণ্ডাৰ বাবে দুপৰীয়া ১২ পৰ্যন্ত স্থগিত ৰখা হৈছিল সদনৰ কাৰ্যসূচী ।
জানিব পৰা মতে, এই বৈঠকত NEET প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে এক বক্তব্য প্ৰদান কৰে । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে বৈঠকৰ অন্তত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NEET পৰীক্ষাৰ কাগজ ফাদিল হোৱাৰ উদ্বেগৰ মাজতে চৰকাৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে আছে বুলি উল্লেখ কৰিছে আৰু ইয়াৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে । আজি NDA সংসদীয় দলৰ “মংগল মিলন” বৈঠকৰ পিছত ৰিজিজুৱে কয় যে কাগজ ফাদিল হোৱাটো ৰাষ্ট্ৰীয় চিন্তাৰ বিষয় আৰু ইয়াক কেন্দ্ৰ কৰি ৰাজনীতি কৰা উচিত নহয় বুলি প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে ।
কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে পুনৰ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে NEET পৰীক্ষা সন্দৰ্ভত কয়, ‘’আমি ছাত্ৰ-ছাত্ৰীৰ কাষত আছো । কাগজ ফাদিলৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । য’তেই কাগজ ফাদিল হয় তাতেই কেৱল কেন্দ্ৰীয় চৰকাৰেই নহয় ৰাজ্যসমূহেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । “
স্মৰ্তব্য যে সোমবাৰে NEET UG (২০২৬)ৰ কাগজ ফাদিলৰ অভিযোগৰ বিৰুদ্ধে CJP ৰ প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ পিছতে ৰিজিজুয়ে এই মন্তব্য প্ৰকাশ কৰে । দলটোৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাৰ সৈতে বৈঠকত মিলিত হৈ তেওঁলোকৰ দাবী পূৰণ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰে । মন কৰিবলগীয়া যে সোমবাৰে সংসদৰ দিশে প্ৰতিবাদকাৰীৰ পদযাত্ৰা হিংসাত্মক ৰূপ লয় । প্ৰশাসনে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে লাঠী চালনাও কৰে ।

