• Home  
  • কন্যাৰ সমুখতে স্বামীক হত্যা; পোহৰলৈ ভয়ংকৰ ষড়ষন্ত্ৰ
- Uncategorized - দেশ - বিদেশ

কন্যাৰ সমুখতে স্বামীক হত্যা; পোহৰলৈ ভয়ংকৰ ষড়ষন্ত্ৰ

অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাত সংঘটিত হৈছে মানৱতাক ভু-লুণ্ঠিত কৰাৰ ঘটনা । কৌশলপূৰ্ণভাৱে নিজৰ স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে । উত্থাপিত অভিযোগ অনুসৰি, মন্দিৰ দৰ্শন কৰাৰ চলেৰে অভিযুক্ত মহিলাগৰাকীয়ে প্ৰেমিকৰ সৈতে লগ লাগি নিখুঁতভাৱে পৰিকল্পনা কৰিছিল স্বামীক হত্যা কৰাৰ । ঘটনাটো পোহৰলৈ অহাৰ পাচতে আৰক্ষীয়ে ডিজিটেল প্ৰমাণ, চিচিটিভি ফুটেজ আৰু কাৰিকৰী দিশৰ […]

অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাত সংঘটিত হৈছে মানৱতাক ভু-লুণ্ঠিত কৰাৰ ঘটনা । কৌশলপূৰ্ণভাৱে নিজৰ স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে । উত্থাপিত অভিযোগ অনুসৰি, মন্দিৰ দৰ্শন কৰাৰ চলেৰে অভিযুক্ত মহিলাগৰাকীয়ে প্ৰেমিকৰ সৈতে লগ লাগি নিখুঁতভাৱে পৰিকল্পনা কৰিছিল স্বামীক হত্যা কৰাৰ । ঘটনাটো পোহৰলৈ অহাৰ পাচতে আৰক্ষীয়ে ডিজিটেল প্ৰমাণ, চিচিটিভি ফুটেজ আৰু কাৰিকৰী দিশৰ বিশ্লেষণ কৰি কেইঘণ্টা মানৰ ভিতৰতে সমগ্ৰ ষড়যন্ত্ৰ পোহৰলৈ অনাত সক্ষম হয় ।

জানিব পৰা মতে, তামিলনাডুৰ কৃষ্ণগিৰি জিলাৰ চুলাগিৰিৰ নিবাসী ২৩ বছৰীয়া ৰমেশে প্ৰায় দুবছৰ পূৰ্বে শান্তিপুৰমৰ ১৯ বছৰীয়া হাছিনীক বিয়া কৰাইছিল ।

এগৰাকী কন্যা সন্তান থকা ৰমেশ হোছুৰৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰি পৰিয়ালটোৰ পেট প্ৰৱৰ্তাইছিল । তদন্তকাৰীয়ে চলোৱা অভিযানত পোহৰলৈ আহিছে যে হাচিনীয়ে বিয়াৰ পিছতো শৈশৱৰ বন্ধু ২০ বছৰীয়া যুগন্ধৰৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখিছিল আৰু দুয়োজনে ৰমেশক হত্যা কৰাৰ সিদ্ধান্ত লৈছিল ।

আৰক্ষীয়ে জনোৱা মতে, "হাচিনিয়ে মঙলবাৰে গুডুপল্লে মণ্ডলৰ মল্লাপ্পা কোণ্ডাৰ ওপৰত থকা শ্ৰী মলেশ্বৰ স্বামী মন্দিৰ পৰিদৰ্শন কৰিবলৈ ৰমেশক খাটনি ধৰিছিল । দম্পতীহালে কন্যাৰ সৈতে যাত্ৰা কৰি থকাৰ সময়তে অভিযোগ অনুসৰি তেওঁ নিজৰ লাইভ স্থান যুগন্ধৰৰ সৈতে ফোনযোগে শ্বেয়াৰ কৰি আছিল, আক্ৰমণকাৰীক তেওঁলোকৰ গতিবিধি অনুসৰণ কৰাত সহায় কৰিছিল ।" তদন্তকাৰী বিষয়াই জনোৱা অনুসৰি কণমানি কন্যা সন্তানটিৰ সমীপতে সংঘটিত হৈাছিল সমগ্ৰ হত্যাকাণ্ডৰ ঘটনাটো ।

অভিযুক্তৰ মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল আৰু পোহৰলৈ আহিছিল ঘটনাটো সন্দৰ্ভত বহু চাঞ্চল্যকৰ তথ্য । বৰ্তমান আৰক্ষীৰ জিম্মাত আছে স্বামী হত্যাৰ অভিযুক্ত হাছিনাৰ লগতে শৈশৱৰ প্ৰেমিক আৰু আন দুজন সহযোগী ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.