• Home  
  • ভাৰতে লাভ কৰিলে দেশৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল
- Uncategorized - দেশ - বিদেশ

ভাৰতে লাভ কৰিলে দেশৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’লৰ ফ্লেগ অফ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । উত্তৰ ৰে’লৱেৰ অন্তৰ্গত হাৰিয়ানাৰ ৮৯ কিলোমিটাৰ দৈৰ্ঘৰ এই ৰে’লখন জিন্দৰ পৰা সোণিপটলৈ চলিব । প্ৰথমবাৰৰ বাবে ভাৰতত ব্যৱহাৰ হ’ব হাইড্ৰ’জেন ইন্ধন কোষ প্ৰযুক্তি । এই প্ৰযুক্তিয়ে হাইড্ৰ’জেন ইন্ধন কোষ ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰিব, যাৰ ফলত ই ডিজেল ৰে’লৰ সলনি উন্নত বিকল্প হিচাপে […]

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’লৰ ফ্লেগ অফ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । উত্তৰ ৰে’লৱেৰ অন্তৰ্গত হাৰিয়ানাৰ ৮৯ কিলোমিটাৰ দৈৰ্ঘৰ এই ৰে’লখন জিন্দৰ পৰা সোণিপটলৈ চলিব ।

প্ৰথমবাৰৰ বাবে ভাৰতত ব্যৱহাৰ হ’ব হাইড্ৰ’জেন ইন্ধন কোষ প্ৰযুক্তি । এই প্ৰযুক্তিয়ে হাইড্ৰ’জেন ইন্ধন কোষ ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰিব, যাৰ ফলত ই ডিজেল ৰে’লৰ সলনি উন্নত বিকল্প হিচাপে পৰিগণিত হ’ব । এই প্ৰকল্পত হাইড্ৰ’জেন সংৰক্ষণ আৰু ইন্ধন ভৰোৱাৰ সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে এই ৰে’ল মুকলিৰ পূৰ্বে X ত পোষ্ট কৰি কয়, ‘ভাৰত এনে ৰে’ল থকা ৰাষ্ট্ৰৰ অন্যতম নিৰ্বাচিত গোটত পৰিণত হৈছে । এইটোৱে ভাৰতে ৰে’ল খণ্ডত স্বচ্ছ প্ৰযুক্তি গ্ৰহণ কৰাটো নিশ্চিত কৰাত বহুখিনি সহায় কৰিব ।”

পাইলট প্ৰজেক্ট হিচাপে বিকশিত এই ৰে’লে হাইড্ৰ’জেন প্ৰযুক্তি পৰীক্ষাত সহায় কৰিব আৰু ভাৰতত পৰিৱেশ অনুকূল ৰে’ল যাত্ৰাৰ ভৱিষ্যত পৰিকল্পনাৰ প্ৰতি সমৰ্থন জনাব ।

সাধাৰণতে বৈদ্যুতিক ৰে’লবোৰ বিদ্যুৎ পৰিবাহী লাইনৰ ওপৰত নিৰ্ভৰশীল হয় যদিও নতুনকৈ মুকলি কৰা এই হাইড্ৰ’জেন চালিত ৰে’লখন নহয় । প্ৰায় ২৬০০ যাত্ৰী কঢ়িয়াই নিব পৰা ১০টা দবাযুক্ত এই ৰে’লখনত দুখন হাইড্ৰ’জেন ড্ৰাইভিং পাৱাৰ কাৰ আৰু আঠটা ট্ৰেইলাৰ দবা আছে । ৰে’লখনৰ স্পীড ঘণ্টাত ১১০ কিলোমিটাৰ যদিও প্ৰথম অৱস্থাত জিন্দ-সোণিপট পথত ঘণ্টাত ৭৫ কিলোমিটাৰ পৰ্যন্ত গতিৰে চলিব ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.