• Home  
  • পঞ্চভূতত বিলীন হ’ল মোহময়ী অভিনেত্ৰী পূৰৱী শৰ্মাৰ নশ্বৰ দেহ; ৰাজ্যজুৰি শোকৰ ছাঁ
- অসম

পঞ্চভূতত বিলীন হ’ল মোহময়ী অভিনেত্ৰী পূৰৱী শৰ্মাৰ নশ্বৰ দেহ; ৰাজ্যজুৰি শোকৰ ছাঁ

অসমীয়া চলচ্চিত্ৰ আৰু নাট্যজগতলৈ মংগলবাৰৰ দিনটোত হঠাতে নামি আহিল এটি অপ্ৰত্যাশিত খবৰ, যি খবৰে ৰাজ্যজুৰি পেলাইছে গভীৰ শোকৰ ছাঁ । ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী পূৰৱী শৰ্মাই ৬৫বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুমুখত পৰে । মৃত্যুৰ সময়ত ইহ সংসাৰত শৰ্মাই এৰি যায় স্বামী তথা অভিনেতা তপন দাসৰ লগতে একমাত্ৰ সন্তান […]

অসমীয়া চলচ্চিত্ৰ আৰু নাট্যজগতলৈ মংগলবাৰৰ দিনটোত হঠাতে নামি আহিল এটি অপ্ৰত্যাশিত খবৰ, যি খবৰে ৰাজ্যজুৰি পেলাইছে গভীৰ শোকৰ ছাঁ । ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী পূৰৱী শৰ্মাই ৬৫বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুমুখত পৰে । মৃত্যুৰ সময়ত ইহ সংসাৰত শৰ্মাই এৰি যায় স্বামী তথা অভিনেতা তপন দাসৰ লগতে একমাত্ৰ সন্তান ৰাগিনীক । ১৯৮০ চনত নীপ বৰুৱা পৰিচালিত ‘আজলী নবৌ’ ছবিখনৰে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰা পূৰৱী শৰ্মাই সফল দীঘলীয়া অভিনয় জীৱনত বহু স্মৰণীয় চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয়ত স্থায়ী স্থান দখল কৰিবলৈ সক্ষম হৈছিল ।

চলচ্চিত্ৰৰ লগতে দূৰদৰ্শন, ভ্ৰাম্যমাণ থিয়েটাৰ, ৰেডিঅ’ নাটক আৰু ভিডিঅ’ ছবিতো তেওঁ অভিনয়ৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল । ‘প্ৰথম ৰাগিণী’, ‘পূজা’, ‘ভাই ভাই’, ‘অশান্ত প্ৰহৰ’ ‘পিতা পুত্ৰ’, ‘বাৰুদ’, ‘কন্যাদান’, ‘বিধাতা’, আদি বহু জনপ্ৰিয় ছবিত তেওঁৰ অভিনয়ে বিশেষ সমাদৰ লাভ কৰিছিল । কেবা দশক ধৰি নিজৰ অভিনয় শৈলীৰে দৰ্শক-শ্ৰোতাক মোহচ্ছন্ন কৰি ৰখা অভিনেত্ৰীগৰাকীৰ আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আন বহু তৰকাৰী-বেচৰকাৰী সংস্থা, দল-সংগঠনে ।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ আকস্মিক প্ৰয়াণত শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত এনেদৰে কয়, ‘‘অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মা ডাঙৰীয়ানীৰ আকস্মিক আৰু অকাল বিয়োগৰ বাতৰিয়ে মোক গভীৰভাৱে মৰ্মাহত কৰিলে ৷ অসমীয়া চলচ্চিত্ৰ, ভ্ৰাম্যমাণ থিয়েটাৰ, দূৰদৰ্শন আৰু আকাশবাণীৰ জগতখনত নিজৰ অনন্য প্ৰতিভাৰে উজ্জ্বল স্বাক্ষৰ ৰাখি যোৱা পূৰৱী শৰ্মাই কেইবাটাও দশক ধৰি স্বকীয় অভিনয়শৈলীৰে অগণন দৰ্শক-শ্ৰোতাৰ হৃদয় জয় কৰিছিল । ৰূপালী পৰ্দাত তেখেতে জীৱন্ত কৰি তোলা অসংখ্য চৰিত্ৰ, বিশেষকৈ নায়িকাৰূপে তেখেতৰ অনবদ্য অভিনয়, অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ মনত চিৰদিন সজীৱ হৈ থাকিব । তেখেতৰ প্ৰয়াণে অসমীয়া শিল্প-সংস্কৃতি জগতখনত এক শূন্যতাৰ সৃষ্টি কৰিলে । এগৰাকী গুণী শিল্পী হিচাপে তেখেতে এৰি যোৱা সৃষ্টিৰাজি, শিল্পসাধনা চিৰদিন চলচ্চিত্ৰপ্ৰেমীক অনুপ্ৰাণিত কৰিব । বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে তেখেতৰ স্বামী, বিশিষ্ট অভিনেতা শ্ৰীতপন দাস ডাঙৰীয়া তথা শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন, সহশিল্পী আৰু অগণন অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ । ওঁম শান্তি ৷’’

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ

সৰ্বানন্দ সোণোৱালে ফেচবুকত দুখ প্ৰকাশ কৰি কয়, “জ্যেষ্ঠ অভিনেত্ৰী পূৰৱী শৰ্মা ডাঙৰীয়ানীৰ দেহাৱসানৰ খবৰটো পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ ।

অসমীয়া নাট্য আৰু চলচ্চিত্ৰ জগতলৈ তেখেতৰ অৱদান সদায়েই স্মৰণীয় হৈ থাকিব। সাৱলীল অভিনয়, নিষ্ঠা আৰু অসাধাৰণ প্ৰতিভাৰে তেখেতে অগণন দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছিল।

তেখেতৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি । তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু অসংখ্য গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।

ঔঁ শান্তি!

সম্পন্ন হ’ল শেষকৃত

অভিনেত্ৰীগৰাকীৰ শেষকৃত মংগলবাৰৰ নিশাই গুৱাহাটীৰ ভূতনাথ শ্মশানত সম্পন্ন কৰা হয় । ইয়াৰ পূৰ্বে গুৱাহাটীৰ শান্তিপুৰস্থিত তেওঁৰ বাসগৃহত ৰাজ্যৰ সাংস্কৃতিক জগতৰ বহু গণ্য-মান্য ব্যক্তি, কলা-কুশলী তথা শুভাকাংক্ষীয়ে তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

উল্লেখ্য যে, পৰিয়াল-পৰিজনৰ লগতে ৰাজ্যখনৰ বিভিন্ন মহলে পূৰৱী শৰ্মাৰ আকস্মিক প্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মোহময়ী অভিনেত্ৰীগৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছে ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.