মংগলবাৰে মহানগৰীত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা । এটি কোঠাৰ পৰা উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ । শিলপুখুৰীৰ কালি মন্দিৰৰ সমীপত সংঘটিত হৈছে এই মৃত্যুৰ ঘটনাটো । উদ্ধাৰ হোৱা মৃতদেহটো ওৰাঙৰ নেহা শইকীয়াৰ বুলি জানিব পৰা গৈছে । স্থানীয় লোকৰ পৰা জানিব পৰা অনুসৰি মৃত্যু ঘটা যুৱতীগৰাকীয়ে গুৱাহাটীৰ এটি ব্যৱসায়িক প্ৰতিষ্ঠানৰ শ্ব’ৰুমত কৰ্মৰত আছিল । ওৰাঙৰ ২ নং শইকীয়া চুবুৰীত ঘৰ মৃত নেহা শইকীয়াৰ।
উল্লেখ্য যে, গুৱাহাটীৰ ভাড়াঘৰত ৰহস্যজনকভাৱে যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ভীষণ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
আনহাতে, দেওবাৰে মহানগৰীৰ ভূতনাথত ৰক্তাত্ত অৱস্থাত উদ্ধাৰ হৈছিল এজন যুৱক । তেজেৰে ৰক্তাক্ত হৈ থকা যুৱকজজনক উদ্ধাৰ কৰি আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মেডিকেল হাস্পতালত ভৰ্তি কৰাইছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে শান্তিপুৰৰ হৰেশ্বৰ ডেকাৰ । যুৱকজনৰ হত্যাৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভৰলুমুখ থানাই আটক কৰিছে কিন্নৰসহ ৪ গৰাকী মহিলাক ।
আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো কথা প্ৰকাশ কৰা নাই যদিও এই ঘটনাৰ সৈতে জড়িত সন্দেহত কিন্নৰকে ধৰি মহিলাক আটক কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে । স্থানীয় লোকে সন্দেহ কৰা মতে কিন্নৰৰ বেশ ধৰি এতিয়া মহানগৰীত এচামে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হৈ পৰিছে । এই কাৰ্যত বাধা দিলেই এই চক্ৰটোৱে হত্যাৰ দৰে ঘটনা সংঘটিত কৰিবলৈ কুন্ঠাবোধ নকৰে । হৰেশ্বৰ ডেকাৰ পৰিয়ালে দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে ।

