Your Mic Your Voice

বিপদসীমাৰ ওপৰেৰে বৈছে নামনি সোৱণশিৰি; আশ্ৰয় শিবিৰ মুকলি

0

বিগত বৰ্ষবোৰৰ দৰে এইবাৰো নামনি সোৱণশিৰিয়ে ভয়াৱহ ৰূপ লোৱা দেখা গৈছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰ জিলা প্ৰশাসন, দুৰ্যোগ প্ৰশমন বিভাগে আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (DDMA) য়ে সমগ্ৰ জিলাখনতে জৰুৰীকালীন সতৰ্কতা জাৰি কৰিছে । ধাৰাষাৰ বৰষুণৰ ফলত সোৱণশিৰি নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে প্ৰবাহিত হোৱাৰ পাচতে গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ ৯ খনকৈ গেটৰে অতিৰিক্ত পানী এৰি দিছে NHPC এ । এই বান্ধৰ গেট মুকলি কৰি দিয়াৰ লগে লগে নামনি অংশত নদীৰ পানী উফন্দি উঠিছে আৰু সোৱণশিৰিৰ বুকুত সৃষ্টি হৈছে জলপ্ৰলয় সদৃশ পৰিস্থিতিৰ । ইয়াৰ লগে লগে সষ্টম হৈ পৰিছে লখিমপুৰ জিলা প্ৰশাসন। জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা সমগ্ৰ জিলাখনতে জাৰি কৰা হৈছে জৰুৰীকালীন সতৰ্কতা । 

unimex

এই পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাচতে নদীৰ সমীপৱৰ্তী তথা চাপৰি অঞ্চলত বাস কৰা লোকসকলক জৰুৰীভাৱে পোহনীয় জীৱ-জন্তুসহ প্ৰয়োজনীয় সামগ্ৰী লৈ ওখ আৰু নিৰাপদ স্থানত থকা আশ্ৰয় শিবিৰসমূহলৈ যাবলৈ প্ৰশাসনে আহ্বান জনাইছে। ইয়াৰ লগতে প্ৰশাসনে বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য ৰাখি নদীত নাও চলোৱা বা মাছ ধৰাৰ পৰাও স্থানীয় লোকক সম্পূৰ্ণৰূপে বিৰত থাকিবলৈও কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ।

উল্লেখ কৰা প্ৰয়োজন যে, NHPC-ৰ কৰ্তৃপক্ষ আৰু ধেমাজি-লখিমপুৰ জিলা প্ৰশাসনে বিগত দুই-তিনিদিন কেৱল হিন্দী আৰু ইংৰাজীতহে সতৰ্কতামূলক চাইৰেণ বজাইছে ৷ যাৰ ফলত নৈপৰীয়া সাধাৰণ ৰাইজে এই সৰ্তকতাবাণী বুজাত অসুবিধাৰ সন্মুখীন হৈছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে ৷ সেয়ে সতৰ্কতা বাৰ্তাবোৰ স্থানীয় ৰাইজে বুজিব পৰাকৈ হিন্দী আৰু ইংৰাজী ভাষাৰ পৰিৱৰ্তে অসমীয়া আৰু মিছিং ভাষাত দিবলৈ স্থানীয় লোকসকলে আহ্বান জনাইছে ৷

Leave A Reply

Your email address will not be published.

Translate »