• Home  
  • কাইলৈৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং;NEF এ জাৰি কৰিছে নতুন পথ নিৰ্দেশনা
- অসম

কাইলৈৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং;NEF এ জাৰি কৰিছে নতুন পথ নিৰ্দেশনা

কাইলৈৰ পৰা বন্ধ হ’ব পুৰণি শৰাইঘাট দলঙৰ ওপৰেৰে যাতায়ত । ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত পুৰণি শৰাইঘাট দলঙৰ মেৰামতি আৰু পুনর্নিৰ্মানৰ কাম উত্তৰ পূৱ সীমান্ত ৰে’লৱে কর্তৃপক্ষই কাইলৈ অৰ্থাৎ ১৩ জুলাইৰ পৰা আৰম্ভ কৰিব । এই পৰিপ্ৰেক্ষিতত আগন্তুক দুমাহ পৰ্যন্ত পুৰণি শৰাইঘাট দলঙেৰে যাতায়ত বন্ধ থাকিব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জনাইছে ।।ৰাজহুৱা নিৰাপত্তা, বিশেষকৈ ছাত্র-ছাত্রী, শিশু, মহিলা, […]

কাইলৈৰ পৰা বন্ধ হ’ব পুৰণি শৰাইঘাট দলঙৰ ওপৰেৰে যাতায়ত । ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত পুৰণি শৰাইঘাট দলঙৰ মেৰামতি আৰু পুনর্নিৰ্মানৰ কাম উত্তৰ পূৱ সীমান্ত ৰে’লৱে কর্তৃপক্ষই কাইলৈ অৰ্থাৎ ১৩ জুলাইৰ পৰা আৰম্ভ কৰিব । এই পৰিপ্ৰেক্ষিতত আগন্তুক দুমাহ পৰ্যন্ত পুৰণি শৰাইঘাট দলঙেৰে যাতায়ত বন্ধ থাকিব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জনাইছে ।।
ৰাজহুৱা নিৰাপত্তা, বিশেষকৈ ছাত্র-ছাত্রী, শিশু, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ব্যক্তিৰ সুৰক্ষাৰ লগতে এম্বুলেন্স, অগ্নিনির্বাপক বাহিনীৰ দৰে জৰুৰীকালীন সেৱাৰ বাহনসমূহৰ নির্বিঘ্ন চলাচল সুনিশ্চিত কৰিবলৈ কাইলৈৰ পুৱা ৫ বজাৰ পৰা ৩১ জুলাই পৰ্যন্ত যান-বাহনৰ পথ সলনি কৰা হৈছে বুলি NEFৰেলৱে জনাইছে । কৰ্তৃপক্ষই মেৰামতিৰ কাম চলি থকা সময়ছোৱাত পুৰণি শৰাইঘাট দলংখন সকলো প্ৰকাৰৰ যান-বাহনৰ চলাচলৰ বাবে দুয়োফালৰ পৰা সম্পূর্ণৰূপে বন্ধ থাকিব বুলি জনাইছে ।

লগতে, মেৰামতিৰ কাম সম্পূর্ণ নোহোৱালৈকে পুৰণি শৰাইঘাট দলঙৰ ওপৰেদি কোনো বাহন চলিবলৈ অনুমতি দিয়া নহ’ব। সেয়েহে নতুন শৰাইঘাট দলঙৰ ওপৰেদি দুয়ো দিশৰ পৰা যান-বাহন চলাচল কৰিব । লগতে, নামনি অসমৰ দিশৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান-বাহন (যাত্রীবাহী বাছৰ বাহিৰে) বাইহাটা চাৰিআলি-কলিয়াবৰ তিনিআলি হৈ যাব লাগিব বুলি কৰ্তৃপক্ষই জনাইছে । একেদৰে, উজনি অসমৰ পৰা নামনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান-বাহন (যাত্রীবাহী বাছৰ বাহিৰে) কলিয়াবৰ তিনিআলি-বাইহাটা চাৰিআলি হৈ যাব লাগিব । লগতে পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ কোনো বাণিজ্যিক মালবাহী বাহনক নতুন শৰাইঘাট দলঙৰ মাজেৰে গুৱাহাটী মহানগৰীলৈ প্ৰৱেশ বা প্রস্থান কৰিবলৈ দিয়া নহ’ব বুলিও NEF ৰেলৱে জনাইছে ।

নামনি অসমৰ পৰা গুৱাহাটী হৈ উজনি অসমৰ দিশলৈ অহা লঘু যান-বাহনসমূহক পুৰণি শৰাইঘাট দলঙৰ স্বাভাৱিক পথেৰে যাবলৈ অনুমতি দিয়া নহ’ব, ইয়াৰ পৰিৱৰ্তে তেওঁলোকক নতুন শৰাইঘাট দলঙৰ ওচৰৰ চেকপইণ্টত নতুন দলঙৰ দিশলৈ ডাইভার্ট কৰা হ’ব । এনে সকলো বাহন নতুন শৰাইঘাট দলঙৰ ওপৰেদি গুৱাহাটী হৈ উজনি অসমৰ দিশলৈ যাব আৰু জালুকবাৰীৰ নাকা চেকিং পইন্টট পুনৰ স্বাভাৱিক পথত প্রৱেশ কৰিব । লগতে, গুৱাহাটীৰ দিশৰ পৰা কামৰূপ/নামনি অসমৰ দিশলৈ যোৱা সকলো বাহন নতুন শৰাইঘাট দলঙৰ মাজেৰে স্বাভাবিকভাৱে চলি থাকিব ।

মেৰামতিৰ কামৰ বাবে হোৱা এই পৰিৱৰ্তনে যান-জটৰ সৃষ্টি কৰাৰ সম্ভাৱনা থকাৰ বাবে পথচাৰীসকলক তলত দিয়া নির্দেশনাসমূহ মানি চলিবলৈ NEF এ আহ্বান কৰিছে—
(ক) নামনি অসম/কামৰূপৰ পৰা উজনি অসম/গুৱাহাটীলৈ অহা লঘু যান-বাহনসমূহৰ বাবে কুমাৰ ভাস্কৰ বৰ্মন সেতুৰ পথটো ব্যৱহাৰ কৰিব পাৰে।
(খ) নামনি অসম/কামৰূপৰ দিশৰ পৰা এল.জি.বি.আই বিমানবন্দৰলৈ অহা লঘু যান-বাহনসমূহক যথেষ্ট আগতীয়াকৈ যাত্রা আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
(গ) পুৰণি শৰাইঘাট দলং দীঘলীয়া সময়ৰ বাবে বন্ধ থাকিব, সেয়ে এই পথছোৱাত যান-জট হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে যাত্রীসকলক বিকল্প পথ ব্যৱহাৰ কৰি এই অঞ্চলটো পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
(ঘ) যাত্ৰীসকলক নিৰ্ধাৰিত পথ অনুসৰি গাড়ী চলাবলৈ আৰু নতুন শৰাইঘাট দলঙৰ ওপৰত অভাৰটেক নকৰিবলৈ অনুৰোধ জনোৱা হৈছে।
৬) মেৰামতিৰ কাম চলাকালীন জালুকবাৰীৰ পৰা শৰাইঘাট দলঙলৈকে থকা পথৰ দুয়োকাষে কোনো বাহন পার্কিং কৰিবলৈ অনুমতি দিয়া নহ’ব।
লগতে, ৰাজহুৱা বাছ এম্বুলেন্স, অগ্নিনির্বাপক বাহিনীৰ দৰে জৰুৰীকালীন বাহন আৰু অন্যান্য লঘু যান-বাহন নতুন শৰাইঘাট দলঙৰ মাজেৰে চলিব পাৰিব । এই নির্দেশনাসমূহ ৩১ জুলাই ২০২৬ লৈকে কার্যকৰী হৈ থাকিব । ইয়াৰ পিছত পৰিস্থিতি পর্যালোচনা কৰি পৰৱৰ্তী প্রয়োজনীয় নির্দেশনা NEF এ জাৰি কৰিব ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.