• Home  
  • নিৰ্মীয়মাণ আৰক্ষী ৰিজার্ভ চৌহদ আৰু ৰাজ্যিক চিৰিয়াখানা পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
- অসম

নিৰ্মীয়মাণ আৰক্ষী ৰিজার্ভ চৌহদ আৰু ৰাজ্যিক চিৰিয়াখানা পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটীৰ জালুকবাৰীস্থিত ড° ভূপেন হাজৰিকা সমন্বয় তীর্থত উপস্থিত হৈ সুধাকণ্ঠলৈ শ্রদ্ধা নিবেদন কৰে । ইয়াৰ পিছতে তেওঁ পল্টন বজাৰস্থিত অসম আৰক্ষী ৰিজার্ভ চৌহদ আৰু অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত চলি থকা উন্নয়নমূলক কাম পৰিদৰ্শন কৰে । ড° ভূপেন হাজৰিকা সমন্বয় তীর্থত উপস্থিত হৈ মুখ্যমন্ত্রী ড° শৰ্মাই সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত […]

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটীৰ জালুকবাৰীস্থিত ড° ভূপেন হাজৰিকা সমন্বয় তীর্থত উপস্থিত হৈ সুধাকণ্ঠলৈ শ্রদ্ধা নিবেদন কৰে । ইয়াৰ পিছতে তেওঁ পল্টন বজাৰস্থিত অসম আৰক্ষী ৰিজার্ভ চৌহদ আৰু অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত চলি থকা উন্নয়নমূলক কাম পৰিদৰ্শন কৰে ।

ড° ভূপেন হাজৰিকা সমন্বয় তীর্থত উপস্থিত হৈ মুখ্যমন্ত্রী ড° শৰ্মাই সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পণ আৰু অক্ষয়-বন্তিত সেৱা জনাই শ্রদ্ধা নিবেদন কৰে । ইয়াৰ পিছতে তেওঁ সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি ইয়াক অধিক আকর্ষণীয় কৰাৰ বাবে গ্রহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু লোকনির্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে । এই সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে কয় যে সমন্বয় তীৰ্থৰ সৌধটোক কিছু সালসলনি কৰি ড° ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ নিৰ্মাণ কৰা হ’ব । সমন্বয় তীর্থত আগমেন্টেড ৰিয়েলিটি, ভার্চুৱেল ৰিয়েলিটি আদি প্রযুক্তি সংযোজিত কৰি দৰ্শনাৰ্থীক ডিজিটেল ব্যৱস্থাৰে ড° ভূপেন হাজৰিকাৰ সৈতে ছেলফি উঠা, গীতৰ অনুশীলন আদিৰ সুবিধা কৰি দিয়া হ’ব । লগতে ডিজিটেল প্ৰযুক্তিৰ সহায়ত নতুন প্ৰজন্মৰ মাজত সুধাকণ্ঠৰ সৃষ্টিৰাজিক পৰিচয় কৰাই দিয়াৰ ব্যৱস্থা লোৱা হ’ব। সমন্বয় তীর্থত এখন মুকলি মঞ্চ নিৰ্মাণ কৰা হ’ব। ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থৰ পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ’ব। এই সমিতিয়ে সুধাকণ্ঠৰ জয়ন্তী আৰু মৃত্যুতিথিৰ উপৰিও বছৰৰ সকলো সময়তে তেখেতৰ সৃষ্টৰাজি চর্চাকে ধৰি আন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণেৰে সমন্বয় তীৰ্থক প্রাণৱন্ত কৰি ৰখাৰ পদক্ষেপ গ্রহণ কৰিব।

ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° শৰ্মাই গুৱাহাটীৰ পল্টন বজাৰস্থিত অসম আৰক্ষী ৰিজার্ভ চৌহদৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে । প্ৰকল্পটো সন্দৰ্ভত সাংবাদিকৰ আগত তেওঁ কয় যে প্রায় ছশ কোটি টকা প্রকল্প ব্যয়েৰে নিৰ্মাণ কৰি থকা এই আৰক্ষী ৰিজাৰ্ভত নির্মীয়মান ভৱনসমূহত ছয় শতাধিক আৰক্ষী পৰিদৰ্শক, উপ-পৰিদৰ্শক আৰু জোৱানৰ বাবে থকাৰ সুবিধাৰ লগতে এখন বিদ্যালয়, এটা মন্দিৰ, এটা নামঘৰ, এখন খেলপথাৰ আৰু অসম আৰক্ষী ৰিজাৰ্ভৰ কাৰ্যালয় থাকিব । এই প্রকল্পৰ অংশ হিচাপে পানবজাৰত ৪২ গৰাকী আৰক্ষী বিষয়া থাকিব পৰা এটা আৱাসিক ভৱনো নিৰ্মাণ কৰি থকা হৈছে । অহা ডিচেম্বৰ-জানুৱাৰী মাহত প্রকল্পটোৰ নিৰ্মাণ সম্পূর্ণ হ’ব ।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ আধুনিকীকৰণৰ কামো পৰিদৰ্শন কৰে। চিৰিয়াখানাখনৰ নির্মীয়মান পশু চিকিৎসালয়, বন্যপ্রাণী পুনৰুদ্ধাৰ কেন্দ্ৰ, সংগ্রহালয় আদি পৰিদৰ্শন কৰি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা প্ৰমুখ্যে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, লোকনির্মাণ বিভাগৰ উচ্চস্তৰীয় বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশগ্রহণ কৰে । চিৰিয়াখানাখনৰ নির্মীয়মান পশু চিকিৎসালয়খন দেশৰ আগশাৰীৰ পশু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি নিৰ্মাণ কৰিবলৈ, দৰ্শনাৰ্থীৰ সুবিধা হোৱাকৈ চিৰিয়াখানাৰ ভিতৰত ৰে’লৰ ব্যৱস্থা কৰাৰ সম্ভাৱনীয়তা বিচাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে । চিৰিয়াখানাৰ আধুনিকীকৰণ প্ৰকল্প সন্দৰ্ভত সংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে কয় যে অসম চৰকাৰে ৩৬০ কোটি টকা ব্যয়েৰে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ আধুনিকীকৰণৰ কাম কৰি আছে। দর্শনার্থী আৰু চিৰিয়াখানাত থকা বন্যজীৱ সকলোৰে সুবিধা হোৱাকৈ চিৰিয়াখানাখন গঢ়ি তোলা হ’ব । ইতিমধ্যে প্রকল্পটোৰ ২৭ শতাংশ কাম সম্পূৰ্ণ হৈছে। দেশৰ আগশাৰীৰ চিৰিয়াখানালৈ গৈ তাৰ ভাল ভাল উপাদানবোৰ গ্ৰহণ কৰি চিৰিয়াখানাখন সর্বাংগসুন্দৰ আৰু বন্যজীৱৰ বাবে অনুকূল হোৱাকৈ নিৰ্মাণ কৰা হ’ব । চিৰিয়াখানাৰ নিৰ্মাণকাৰ্য পৰিদৰ্শনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে চিৰিয়াখানাত থকা তিনিটা ৰেড পাণ্ডাৰ স্বাস্থ্যৰ বুজ লয় । উল্লেখ্য যে, বন্যজন্তুৰ চোৰাং সৰবৰাহকাৰীৰ পৰা যোৱা ফেব্ৰুৱাৰী মাহতে ৰেড পাণ্ডাকেইটাক উদ্ধাৰ কৰি চিৰিয়াখানালৈ অনা হৈছিল ।

চিৰিয়াখানা পৰিদৰ্শনকালত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা প্ৰমুখ্যে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, লোকনিৰ্মাণ বিভাগৰ উচ্চস্তৰীয় বিষয়াসকল উপস্থিত থাকে।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.