ডিমাপুৰ: কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই আজি ভাৰতীয় ৰে’লৱেৰ উদ্যোগত ডিমাপুৰত অনুষ্ঠিত ১৯ সংখ্যক ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত তেখেতে বিভিন্ন চৰকাৰী বিভাগত নৱনিযুক্ত ১২৯ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰে। সমগ্ৰ দেশৰ ৪৭টা স্থানত আয়োজিত এই ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আভাসীৰূপত দেশৰ ৫১,০০০ৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে।
অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰি কয় যে এই পদক্ষেপে ক্ষিপ্র, স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তিৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। তেখেতে লগতে অৱগত কৰে যে ৰোজগাৰ মেলাৰ পূৰ্বৱৰ্তী ১৮টা সংস্কৰণৰ জৰিয়তে ইতিমধ্যে ১১ লাখৰো অধিক প্রার্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। ডিমাপুৰত প্ৰাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে এই ক্ষণটোক জনসেৱাৰ প্ৰতি উদ্বর্গিত এক অর্থপূর্ণ যাত্ৰাৰ শুভাৰম্ভণি বুলি অভিহিত কৰে।
তেখেতে যুৱপ্ৰজন্মক জ্ঞানান্বেষণৰ ধাৰা অব্যাহত ৰাখিবলৈ, নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখিবলৈ আৰু ৰাষ্ট্ৰ নির্মাণত নিষ্ঠাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। সভাত ভাষণ প্ৰদান কৰি মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত সূচিত হোৱা যুগান্তকাৰী পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে।
এই অঞ্চলটোক এক “প্রান্তীয় অঞ্চল”ৰ পৰা “প্ৰগতিৰ অগ্ৰণী অঞ্চল”লৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীৰ দূৰদৰ্শী দৃষ্টিভংগীৰ কথা তেখেতে উল্লেখ কৰে। তেখেতে লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ পুঁজি আৱণ্টনৰ অভূতপূর্ব বৃদ্ধিৰ ফলশ্ৰুতিত যোগাযোগ ব্যৱস্থা, আন্তঃগাঁথনি আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত হোৱা ধাৰাবাহিক বিনিয়োগে সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ গতিত এক নতুন মাত্ৰা প্ৰদান কৰিছে। ৰেলৱে আন্তঃগাঁথনিৰ দ্রুত সম্প্ৰসাৰণৰ প্ৰসংগ উত্থাপন কৰি ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে নাগালেণ্ড তথা উত্তৰ-পূৰ্বাঞ্চলে বৰ্তমান অভূতপূর্ব প্ৰগতিৰ সাক্ষী হৈছে।
২০০৯-১৪ বৰ্ষৰ ২,১২২ কোটি টকাৰ তুলনাত ২০২৬-২৭ বৰ্ষত ৰেল বাজেট পাঁচগুণৰো অধিক বৃদ্ধি হৈ ১১,৪৮৬ কোটি টকা হৈছেগৈ, যিয়ে অঞ্চলটোৰ ৭২,৪৬৮ কোটি টকা ব্যয়সাপেক্ষ প্রকল্পসমূহক গতি প্রদান কৰিছে। নাগালেণ্ডৰ ৰে’লৱেৰ অগ্ৰগতিৰ দিশটো বিশেষভাৱে উল্লেখ কৰি তেখেতে কয় যে প্ৰায় ১১৯ বছৰৰ মূৰত ৰাজ্যখনে শোখুভিত দ্বিতীয়টো ৰে’লৱে ষ্টেচন লাভ কৰিবলৈ সক্ষম হৈছে, যিটো আঞ্চলিক যোগাযোগ ব্যৱস্থাৰ উত্তৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সাফল্য। তেখেতে লগতে অৱগত কৰে যে ভাৰতীয় ৰে’লৱেই ইতিমধ্যে প্রায় ৯৯.২% শতাংশ বৈদ্যুতিকীকৰণৰ কাম সম্পন্ন কৰি ‘মিছন ১০০% বৈদ্যুতিকীকৰণ’ৰ দিশত ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে।
