প্ৰধানমন্ত্ৰীৰ নেডাৰলেণ্ডছ, ছুইডেন আৰু সংযুক্ত আৰব ভ্রমণে ভাৰতবৰ্ষৰ বাবে কঢ়িয়াই আনে প্ৰগতিৰ নতুন বার্তা
গুৱাহাটী: ”বিশ্ব দৰবাৰত ভাৰতৰ শক্তিশালী নেতৃত্ব, কূটনৈতিক সফলতা আৰু উন্নয়নমুখী দৃষ্টিভংগী পুনৰ এবাৰ প্ৰতিষ্ঠা কৰি দেখুৱালে বিশ্বনেতা ভাৰতৰ জনপ্রিয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। সংযুক্ত আৰৱ আমীৰশ্বাহী (UAE), নেডাৰলেণ্ডছ আৰু ছুইডেন ভ্ৰমণৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতৰ কৌশলগত, অর্থনৈতিক আৰু প্রযুক্তিগত সহযোগিতাক এক নতুন উচ্চতালৈ উন্নীত কৰিবলৈ সক্ষম হোৱাত আমি গৌৰৱান্বিত।” ভাৰতীয় জনতা পাৰ্টী অসমে প্ৰেছ বিবৃতি যোগে এই কথা প্ৰকাশ কৰে ।
ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট প্রিয়ংকা তামুলীয়ে জনায় যে সংযুক্ত আৰব ভ্রমণ কালত প্রধানমন্ত্রী গৰাকীয়ে সংযুক্ত আৰৱ আমীৰশ্বাহীৰ ওপৰত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ তীব্ৰ গৰিহণা জনায় তথা সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতিক বিশ্ব দৰবাৰত পুনৰ স্পষ্টভাৱে প্রকাশ কৰে। লগতে সংযুক্ত আৰৱ আমীৰশ্বাহীস্থিত ভাৰতীয় সমাজৰ সুৰক্ষা আৰু কল্যাণৰ ক্ষেত্ৰত সংযুক্ত আৰৱ আমীৰশ্বাহীৰ নেতৃত্বই আগবঢ়োৱা সহযোগিতাৰ বাবে তেখেতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। এই ভ্রমণে ভাৰত-সংযুক্ত আৰৱ আমীৰশ্বাহী বন্ধুত্ব আৰু ভাতৃত্ববোধ অধিক সুদৃঢ় কৰিব বুলি আমি আশাবাদি।

লগতে নেডাৰলেণ্ডছ ভ্ৰমণত ভাৰত-ইউৰোপীয় সংঘ (EU) মুক্ত বাণিজ্য চুক্তিক অধিক গতি প্ৰদান কৰাৰ লক্ষ্যৰে একাধিক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত কৰা হয়। বিশেষকৈ চেমিকণ্ডাক্টৰ, জলসম্পদ ব্যৱস্থাপনা, পৰিষ্কাৰ শক্তি, উদ্ভাৱন আৰু আধুনিক প্রযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ নতুন দিশ উন্মোচিত কৰা হয়। প্ৰধানমন্ত্ৰী ৰ’ব জেতেনৰ উপস্থিতিত ভাৰতৰ Tata Electronics আৰু ASMLৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিয়ে ভাৰতৰ চেমিকণ্ডাক্টৰ খণ্ডত “আত্মনিৰ্ভৰ ভাৰত”ৰ দৃষ্টিভংগীক অধিক শক্তিশালী কৰি তুলিব। গুজৰাটৰ ধোলেৰাত গঢ় লৈ উঠিবলগীয়া আধুনিক চেমিকণ্ডাক্টৰ প্রকল্পই দেশৰ যুৱ সমাজৰ বাবে নতুন কর্মসংস্থাপন আৰু অত্যাধুনিক প্রযুক্তিৰ ক্ষেত্ৰত অসংখ্য সুযোগ সৃষ্টি কৰিব বুলি এই ভ্ৰমণৰ জৰিয়তে স্পষ্ট হৈ পৰিছে। জলসম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো নেডাৰলেণ্ডছৰ অগ্ৰণী অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ভাৰতত বান নিয়ন্ত্রণ, সেচ ব্যৱস্থা, ৰক্ষণাবেক্ষণ আৰু অন্তঃদেশীয় জলপথ উন্নয়নৰ ক্ষেত্ৰত আধুনিক প্রযুক্তি ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই ভ্ৰমণৰ অন্তত ভাৰত-নেদাৰলেণ্ডছ সম্পর্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ লগতে জলসম্পদ, চেমিকণ্ডাক্টৰ, উদ্ভাৱন, প্ৰতিৰক্ষা, স্থায়িত্ব আৰু গতিশীলতা আদি ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী ৰোডমেপ প্ৰস্তুত কৰা হয়।
আনহাতে, ছুইডেন ভ্রমণত প্রধানমন্ত্রী উল্ফ কৃষ্টাৰচ্চনে ব্যক্তিগতভাৱে বিমানবন্দৰত উপস্থিত হৈ ভাৰতীয় প্রতিনিধি দলক আদৰণি জনোৱাটো ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা আৰু সন্মানৰ স্পষ্ট নিদর্শন। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী গৰাকীক “Royal Order of the Polar Star, Degree Com-mander Grand Cross” সন্মানেৰে ভূষিত কৰা হয়। এই সন্মান কেৱল এজন ব্যক্তিৰ নহয়, ১৪০ কোটি ভাৰতীয়ৰ গৌৰৱৰ প্ৰতীক হিচাপে চিহ্নিত হৈ ৰ’ব। গথেনবাৰ্গত অনুষ্ঠিত উদ্যোগপতি বৈঠকত কৃত্রিম বুদ্ধিমত্তা (AI), গৱেষণা, স্বাস্থ্যসেৱা, সুৰক্ষা আৰু আধুনিক প্রযুক্তি খণ্ডত ভাৰত-ছুইডেন সহযোগিতা বৃদ্ধিৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ডাষ্ট্রি (ERT) সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতৰ সংস্কাৰমুখী উন্নয়ন যাত্ৰা আৰু বিশ্ব বিনিয়োগৰ বাবে ভাৰতৰ অপাৰ সম্ভাৱনাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। – প্ৰেছ বিবৃতিটোত এনেদৰে উল্লেখ কৰে বিজেপিয়ে ।