সমগ্ৰ দেশৰ পৰা দক্ষিণ-পশ্চিম মৌচুমী বিদায়: ভাৰতীয় বতৰ বিজ্ঞান বিভাগ
অৱশেষত সমগ্ৰ দেশৰ পৰা বিদায় ল’লে দক্ষিণ-পশ্চিম মৌচুমীয়ে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD) য়ে আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে মৌচুমী বায়ু সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ হৈছে।
প্ৰতি বছৰে ১ জুনৰ পৰা কেৰালাত প্ৰৱেশ কৰি ৪ মাহ ধৰি সমগ্ৰ দেশত বাৰিষাৰ বৰষুণ দিয়ে এই মৌচুমীয়ে। এইবাৰ ১৭ ছেপ্টেম্বৰৰ পৰা ৰাজস্থানৰ পৰা প্ৰত্যাহাৰ আৰম্ভ হৈছিল আৰু আজি অৱশেষত সম্পূৰ্ণৰূপে আঁতৰি গ’ল।
অসমত কি প্ৰভাৱ?

মৌচুমী বিদায়ৰ লগে লগে উত্তৰ-পূবত উত্তৰ-পূব মৌচুমীৰ প্ৰভাৱ আৰম্ভ হ’ব। পুৱা-গধূলি ঠাণ্ডা অনুভৱ হ’ব। IMD ৰ মতে, অহা কেইদিনমানত ৰাজ্যত বতৰ শুকান হৈ থাকিব আৰু তাপমাত্ৰা লাহে লাহে কমিব।
বতৰ বিজ্ঞানীসকলৰ মতে, এইবাৰ মৌচুমীৰ বিদায় সাধাৰণ সময়তকৈ কিছু পলমকৈ হৈছে। জলবায়ু পৰিৱৰ্তনৰ বাবেই এনে হৈছে বুলি অনুমান কৰা হৈছে।
এতিয়া সকলোৰে দৃষ্টি উত্তৰ-পূব মৌচুমী আৰু শীতৰ আগমনৰ ওপৰত।