গুৱাহাটীৰ এখন হাস্পতাল। কৰ্তব্যৰত এজন চিকিৎসক। কিছু সময়ৰ আগলৈকে সকলো যেন স্বাভাৱিকেই আছিল। কিন্তু হঠাৎ অচেতন অৱস্থাত উদ্ধাৰ হ’ল চিকিৎসকজন। কিছু সময়ৰ পাছতে চিকিৎসকে ঘোষণা কৰিলে—তেওঁ আৰু নাই। মৃত চিকিৎসকজন ডাঃ প্ৰয়াস সিংহল।
বুধবাৰে নেমকেয়াৰ হাস্পতালত কৰ্তব্যৰত অৱস্থাত চিকিৎসকগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছৰে পৰা ঘটনাটোক কেন্দ্ৰ কৰি এটাৰ পাছত এটাকৈ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। প্ৰাথমিকভাৱে আত্মহত্যাৰ সন্দেহ কৰা এই ঘটনাই এতিয়া কেৱল আত্মহত্যাৰ ঘটনা হৈ থকা নাই। মৃত্যুৰ পূৰ্বে চিকিৎসকগৰাকীৰ মানসিক অৱস্থা কেনে আছিল, তেওঁ কোনো ধৰণৰ হেঁচা বা ভাবুকিৰ সন্মুখীন হৈছিল নেকি, ব্যক্তিগত সম্পৰ্কই তেওঁৰ জীৱনত কিমান গভীৰ প্ৰভাৱ পেলাইছিল—এনে বহু প্ৰশ্ন এতিয়া তদন্তৰ কেন্দ্ৰবিন্দু।
আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো— প্ৰয়াস সিংহলক আত্মহত্যাৰ দিশে ঠেলি দিয়া হৈছিল নেকি? এই প্ৰশ্নৰ উত্তৰ এতিয়াও নাই।
কিন্তু পোহৰলৈ অহা এটা অডিঅ’ কথোপকথন, প্ৰয়াত চিকিৎসকগৰাকীৰ পিতৃৰ অভিযোগ আৰু ঘটনাটোৰ সৈতে জড়িত বুলি কোৱা নীলাঞ্জনা ভৱালৰ বক্তব্যই সমগ্ৰ ঘটনাটোক অধিক জটিল কৰি তুলিছে।
নেমকেয়াৰত আচলতে কি হৈছিল?
জানিব পৰা মতে, ডাঃ প্ৰয়াস সিংহল নেমকেয়াৰ হাস্পতালৰ ICU-ত চিকিৎসক হিচাপে কৰ্মৰত আছিল। বুধবাৰে তেওঁ হাস্পতালখনৰ নতুন ভৱনৰ দ্বিতীয় মহলাত কৰ্তব্যৰত আছিল। কিছু সময়ৰ পাছত তেওঁক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়।
হাস্পতালখনৰ স্বত্বাধিকাৰী ডাঃ হিতেশ বৰুৱাৰ ভাষ্য অনুসৰি, ইয়াৰ কিছু সময় পূৰ্বে প্ৰয়াসে অসুস্থ অনুভৱ কৰিছিল। তেওঁ পেটৰ বিষ হোৱা বুলি এগৰাকী নাৰ্ছক জনাই ইনজেকচন লোৱা বুলি জানিব পৰা গৈছে। তেওঁ IV cannula লৈ এটা কোঠাত জিৰণিও লৈছিল। কিন্তু তাৰ পাছতেই পৰিস্থিতি সলনি হয়। তেওঁক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় আৰু পাছত চিকিৎসকে মৃত ঘোষণা কৰে। ঘটনাৰ খবৰ পোৱাৰ পাছতেই আৰক্ষী হাস্পতালত উপস্থিত হয়। ঘটনাস্থলীৰ পৰিস্থিতি পৰীক্ষা কৰাৰ লগতে মৃত্যুৰ কাৰণ বিচাৰি তদন্ত আৰম্ভ কৰা হয়। ঘটনাস্থলীত CID-ও উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আত্মহত্যা নে আন কোনো কাৰণত মৃত্যু—ইয়াৰ চূড়ান্ত উত্তৰ মৰণোত্তৰ পৰীক্ষা আৰু তদন্তৰ তথ্যইহে দিব। কিন্তু তাৰ মাজতেই পোহৰলৈ আহিল আন এক বিস্ফোৰক অধ্যায়।
এটা অডিঅ’ই সলনি কৰিলে সমগ্ৰ কাহিনী
প্ৰয়াত চিকিৎসকগৰাকীৰ সৈতে নীলাঞ্জনা ভৱালৰ কথোপকথনৰ এটা অডিঅ’ ৰেকৰ্ডিং সামাজিক মাধ্যম আৰু বিভিন্ন মাধ্যমত চৰ্চালৈ আহিছে। অডিঅ’টোৰ সত্যতা আৰু সম্পূৰ্ণ প্ৰেক্ষাপট তদন্তৰ বিষয়। তথাপি, কথোপকথনত দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডা হোৱা শুনা যায়। কথোপকথনৰ এটা অংশত আৰক্ষীৰ ওচৰলৈ যোৱা, কল ৰেকৰ্ডিং আদি বাহিৰলৈ অহা বিষয়ক লৈ চিকিৎসকগৰাকীক সতৰ্ক কৰা শুনা যায়। ইয়াৰ মাজতেই উঠে আত্মহত্যাৰ কথা।
অডিঅ’ত মহিলাগৰাকীয়ে চিকিৎসকগৰাকীক উদ্দেশ্য কৰি ‘দুজনৰ ভিতৰত এজন মৰিব লাগিব’ ধৰণৰ কথা কোৱাৰ লগতে নিজকে শেষ কৰি দিয়াৰ কথাও উল্লেখ কৰা শুনা যায় ।
ইয়াৰ উত্তৰত প্ৰয়াস সিংহলে বাৰে বাৰে— “Please stop doing this.” বুলি অনুৰোধ কৰা শুনা যায়। তাৰ পাছত চিকিৎসকগৰাকীৰ কণ্ঠত যেন সম্পৰ্কটোৰ পৰা আঁতৰি যোৱাৰ এক স্পষ্ট চেষ্টা। অডিঅ’ত শুনা যায়—
পিতৃৰ অভিযোগ আৰু আন এটা ভয়ংকৰ ছবি
ইফালে প্ৰয়াত চিকিৎসকগৰাকীৰ পিতৃয়ে ঘটনাটোক কেৱল আত্মহত্যা বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছে। তেওঁৰ অভিযোগ—পুত্ৰই নীলাঞ্জনাৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিচৰাৰ পাছৰে পৰা বিভিন্ন ধৰণৰ ভাবুকি আৰু মানসিক চাপৰ সন্মুখীন হৈছিল।
আনহাতে, পিতৃৰ দাবী অনুসৰি, পিছত প্ৰয়াসে জানিব পাৰিছিল যে নীলাঞ্জনা বিবাহিতা আৰু তেওঁৰ সন্তান আছে। সেই কথা জানিব পাৰি তেওঁ সম্পৰ্কটোৰ পৰা আঁতৰি আহিব বিচাৰিছিল বুলি পিতৃগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ।
১৯ আগষ্টৰ এজাহাৰত কি অভিযোগ?
প্ৰয়াত চিকিৎসকগৰাকীৰ পিতৃৰ ভাষ্য অনুসৰি, তেওঁ ইতিমধ্যে ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰিছিল।
১৯ আগষ্টত দাখিল কৰা এজাহাৰত চিকিৎসকগৰাকীক মানসিকভাৱে হাৰাশাস্তি আৰু ভাবুকি দিয়াৰ অভিযোগ উল্লেখ কৰা হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। পিতৃৰ অভিযোগ অনুসৰি, ১২ জুন আৰু ১৮ আগষ্টত নীলাঞ্জনা নেমকেয়াৰ হাস্পতাললৈ গৈছিল।
তাতো চিকিৎসকগৰাকীৰ ওপৰত চাপ আৰু ভাবুকি সৃষ্টি কৰা হৈছিল বুলি অভিযোগ উঠিছে। ফোন আৰু মেছেজৰ জৰিয়তে সম্পৰ্ক ছেদ কৰিলে হত্যা কৰাৰ লগতে নিজকে শেষ কৰি দিয়াৰ ভাবুকি দিয়াৰো অভিযোগ কৰিছে পিতৃগৰাকীয়ে।
কিন্তু এতিয়া নীলাঞ্জনাই ক’লে সম্পূৰ্ণ বেলেগ কথা
অভিযোগৰ সন্মুখীন হৈ নীৰৱ হৈ থকা নাই নীলাঞ্জনা ভৱালে। তেওঁ নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ নাকচ কৰি এক সম্পূৰ্ণ বেলেগ ছবি দাঙি ধৰিছে। বিশেষকৈ এটা অভিযোগ তেওঁ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে— প্ৰয়াসে তেওঁ বিবাহিতা বুলি নাজানিছিল।
নীলাঞ্জনাৰ দাবী— “মই বিবাহিত বুলি প্ৰথম দিনাৰ পৰাই জানিছিল।”
তেওঁৰ মতে, প্ৰয়াসৰ সৈতে সম্পৰ্ক আৰম্ভ হোৱাৰ সময়তেই তেওঁৰ বৈবাহিক জীৱনত সমস্যা চলি থকাৰ কথা তেওঁ চিকিৎসকগৰাকীক জনাইছিল। তেওঁৰ স্বামীক চিকিৎসাৰ বাবে হাস্পতাললৈ লৈ যোৱাৰ সময়ৰ পৰাই প্ৰয়াসে ফোন আৰু মেছেজ কৰিবলৈ আৰম্ভ কৰিছিল বুলি নীলাঞ্জনাই দাবী কৰিছে।
প্ৰথমে চিনাকি। তাৰ পাছত বন্ধুত্ব। আৰু তাৰ পাছত ব্যক্তিগত সম্পৰ্ক। নীলাঞ্জনাৰ মতে, সম্পৰ্কটো তেওঁৰ ফালৰ পৰা কোনো গোপন তথ্য বা ভুৱা পৰিচয়ৰ ওপৰত গঢ় লৈ উঠা নাছিল।
“ডিভ’ৰ্চৰ পাছত একেলগে থাকিম”—নীলাঞ্জনাৰ দাবী
নীলাঞ্জনাই দাবী কৰিছে যে সেই সময়ত তেওঁৰ স্বামীৰ সৈতে মনোমালিন্য চলি আছিল। স্বামীয়ে ডিভ’ৰ্চৰ কথা কৈছিল বুলিও তেওঁ প্ৰয়াসক জনাইছিল। তেওঁ জনোৱা অনুসৰি, প্ৰয়াসেও তেওঁক কৈছিল— ডিভ’ৰ্চৰ পাছত দুয়োজনে একেলগে থাকিব পাৰে।
এই কথাই সম্পৰ্কটো অধিক গভীৰ কৰি তুলিছিল বুলি নীলাঞ্জনাৰ বক্তব্য। অৰ্থাৎ, পিতৃৰ অভিযোগৰ সৈতে নীলাঞ্জনাৰ বক্তব্যৰ মাজত এতিয়া একেবাৰে বিপৰীত ছবি।
“তেওঁৰ আচল ৰূপটো মই পাছতহে গম পাইছিলোঁ”
নীলাঞ্জনাই আন এটা গুৰুত্বপূৰ্ণ দাবী কৰিছে। তেওঁৰ মতে, সম্পৰ্ক গভীৰ হোৱাৰ পাছত প্ৰয়াসৰ ব্যক্তিগত জীৱনৰ বহু কথা তেওঁৰ সন্মুখলৈ আহিবলৈ আৰম্ভ কৰিছিল। তেওঁ দাবী কৰে যে প্ৰয়াসৰ আন বহু মহিলাৰ সৈতেও সম্পৰ্ক আছিল। এই কথাই তেওঁকো মানসিকভাৱে ক্ষতিগ্ৰস্ত কৰিছিল বুলি নীলাঞ্জনাই কয়।
ফোন কৰিছিল নীলাঞ্জনাই
নিজৰ বিৰুদ্ধে উত্থাপিত ফোন কৰাৰ অভিযোগ সম্পূৰ্ণ অস্বীকাৰ কৰা নাই নীলাঞ্জনাই। তেওঁ স্বীকাৰ কৰিছে যে তেওঁ প্ৰয়াসক বহু সময়ত ফোন কৰিছিল। কিন্তু তেওঁৰ দাবী—কেৱল তেওঁহে ফোন কৰা নাছিল। প্ৰয়াসেও তেওঁলৈ মেছেজ কৰিছিল।
এই সকলো ৰহস্য এতিয়া তদন্তৰ অন্ততহে পোহৰলৈ আহিব ।