বিশ্বনাথ: বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিত শুকুৰবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ।
বিহালীৰ কাচমাৰীত সংঘটিত হয় দুৰ্ঘটনাটো । তথ্য অনুসৰি, নিশা ৰাংচালী দলনীৰ যুৱক ৰূপম দাস আৰু টেলেঙ্গনীয়াৰ যুৱক গজেন্দ্ৰ মালাহে বাইকেৰে আহি থকা সময়তে পথৰ কাষৰ এটা বৈদ্যুতিক খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে ।
ফলত ঘটনাস্থলীতে মৃত্যু হয় দুই যুৱকৰ দুৰ্ঘটনা সংঘটিত হোৱা বাইকখনৰ নম্বৰ AS12V4073 ।
পুৱাৰ ভাগত পথাচাৰীয়ে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষীয়ে দুৰ্ঘটনাৰ বিষয়ে তদন্ত আৰম্ভ কৰিছে ।