নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)-এ এক বিবৃতিযোগে অসমৰ শেহতীয়া বান সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি এক বিবৃতি প্ৰদান কৰিছে । বান সাহায্যক ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান জনাই সংগঠনটোৱে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পুনৰুদ্ধাৰৰ বাবে OIL আৰু ONGC-ৰ পৰা অধিক আৰ্থিক সহায় আৰু পুনৰ্বাসনমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।
সংগঠনটোৱে বিবৃতিযোগে তিনিটা মূল দাবী উত্থাপন কৰিছে । ইয়াৰ ভিতৰত আছে – অসমৰ পৰা আহৰণ কৰা তেল, গেছ আৰু অন্যান্য সম্পদৰ পৰিমাণ আৰু ইয়াৰ অৰ্থনৈতিক মূল্যৰ তথ্য ৰাজহুৱা কৰা । বানপীড়িত অঞ্চলসমূহৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতিটো প্ৰতিষ্ঠানে ২০০ কোটি টকাকৈ অনুদান আগবঢ়োৱা আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ উপযুক্ত প্ৰাৰ্থীসকলক নিয়মীয়া চাকৰিৰ সুযোগ প্ৰদান কৰা ।
ইয়াৰ লগতে অসমৰ বিভিন্ন জাতীয় আৰু সামাজিক সংগঠনসমূহক বানপীড়িত লোকসকলৰ স্বাৰ্থত একত্ৰিত হৈ পদক্ষেপ গ্ৰহণৰ বাবেও আহ্বান জনাইছে সংগঠনটোৱে ।
বিবৃতিটোত সংগঠনটোৱে দাবী কৰে যে দশকজুৰি অসমৰ খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ সম্পদ ব্যৱহাৰ কৰি অহা OIL আৰু ONGC-এ দুৰ্যোগ পীড়িত লোকসকলৰ প্ৰতি অধিক সামাজিক দায়বদ্ধতা পালন কৰা উচিত । দুয়োটা প্ৰতিষ্ঠানে ঘোষণা কৰা অনুদানৰ পৰিমাণ ক্ষয়-ক্ষতিৰ তুলনাত পৰ্যাপ্ত নহয় বুলি সংগঠনটোৱে বিবৃত্তিটোত উল্লেখ কৰিছে ।
সংগঠনটোৱে বিবৃতিত উল্লেখ কৰিছে, “অসমৰ মানুহে কোনো দয়া বা অনুগ্ৰহ বিচৰা নাই; বিচাৰিছে ন্যায্য প্ৰাপ্য অধিকাৰ । যি অঞ্চলৰ সম্পদে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় সমৃদ্ধিত অৰিহণা যোগাইছে, সেই অঞ্চলৰ বেদনাৰ গভীৰতাক উপলব্ধি নকৰি সহায়ৰ নামত নগণ্য পৰিমাণৰ অনুদানেৰে পীড়িতৰ আঘাতত উপহাসৰ মলম সানিব, সেয়া কোনো কাৰণতেই মানি লোৱা নহ’ব ।”
আনহাতে, বিবৃতিত সংগঠনটোৱে দাবীসমূহ কাৰ্যকৰী নকৰিলে আন্দোলনমূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে সশস্ত্ৰ কাৰ্যকলাপৰ ভাবুকিও প্ৰদান কৰিছে । বিবৃত্তিটোত উল্লেখিত দাবীসমূহ গম্ভীৰভাৱে বিবেচনা কৰাৰ আহ্বান জনাইছে ।