অসমৰ হাৰ্টথ্ৰুব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা তথা উক্ত গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সোমবাৰে উচ্চতম ন্যায়ালয়ে নাকচ কৰে । ন্যায়াধীশ বি ভি নাগৰত্ন আৰু ন্যায়াধীশ আৰ মহাদেৱনে গঠিত বিচাৰপীঠে SLP (Crl.) No. 11523/2026 ত মহন্তৰ আবেদন শুনানি গ্ৰহণ কৰি গোচৰটোত আবেদনকাৰী আৰু ৰাজ্য চৰকাৰৰ যুক্তি গ্ৰহণ কৰে ।
শুনানিৰ সময়ত আবেদনকাৰীৰ ফালৰ পৰা যুক্তি দৰ্শাই অসম চৰকাৰে বিচাৰৰ অগ্ৰগতি সন্দৰ্ভত আদালতক অৱগত কৰে । ৰাজ্যখনে আদালতক জনাইছে যে ইতিমধ্যে বিচাৰ আৰম্ভ হৈছে আৰু ৩৯৪ জন সাক্ষীৰ ভিতৰত ১৪ আগষ্টলৈকে ৯৪ জন সাক্ষীৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে ।
আবেদনকাৰীৰ পক্ষই যুক্তি দিছিল যে ছিংগাপুৰৰ কেইবাজনো গুৰুত্বপূৰ্ণ সাক্ষীৰ পৰীক্ষা এতিয়াও বাকী আছে । ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্য চৰকাৰে আদালতত কয় যে অহা দুই-তিনি সপ্তাহৰ ভিতৰত এই গুৰুত্বপূৰ্ণ সাক্ষীসকলৰ বক্তব্য লিপিবদ্ধ হোৱাৰ সম্ভাৱনা আছে । তদন্তৰ সময়ত এই সাক্ষীসকলৰ বক্তব্য ইতিমধ্যে তদন্তকাৰী বিষয়াৰ সন্মুখত লিপিবদ্ধ কৰা হৈছিল বুলিও চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰে ।
শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে মৌখিকভাৱে অসম চৰকাৰক বিচাৰ প্ৰক্ৰিয়া যিমান পাৰি খৰতকীয়া কৰিবলৈ পৰামৰ্শ দিয়ে ।
অৱশ্যে সোমবাৰে মহন্তৰ জামিন আবেদন সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰিলে আদালতে । বিষয়টো বিচাৰাধীন কৰি ৰখা হৈছে আৰু অহা ৫ অক্টোবৰত পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰা হৈছে ।
ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক মহন্তক ২০২৫ চনৰ অক্টোবৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল । অসমৰ এখন ফাষ্ট ট্ৰেক আদালতে মহন্তকে ধৰি চাৰি অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে । অৱশ্যে আটাইকেইজন অভিযুক্তই নিজকে দোষমুক্ত বুলি দাবী কৰি আহিছে ।