ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্বাচনৰ পূৰ্বে উত্থাপিত বিতৰ্কিত অভিযোগৰ তদন্তক কেন্দ্ৰ কৰি বহুচৰ্চিত গোচৰটোৱে এতিয়া নতুন গতি লোৱা দেখা গৈছে । এই গোচৰৰ তদন্তত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাহুল গান্ধীৰ ঘনিষ্ঠ সহযোগী ৰন্দীপ সিং সুৰজৱালাকো জেৰাৰ আওতালৈ অনাৰ প্ৰস্তুতি চলাইছে অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে। জানিব পৰা মতে, ক্ৰাইম ব্ৰাঞ্চে সুৰজৱালাক অহা ২৩ মে’ত গুৱাহাটীত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিছে। ইতিমধ্যে তেওঁৰ বাসগৃহৰ দেৱালত আনুষ্ঠানিক জাননী আৰি দিয়ে অসম আৰক্ষীয়ে। সূত্ৰ অনুসৰি, কংগ্ৰেছ নেতা পৱন খেৰাৰ জেৰাৰ সময়ত ৰন্দীপ সিং সুৰজৱালাৰ নাম উত্থাপিত হোৱাৰ পাছতেই তদন্তকাৰী সংস্থাই এই পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেৰাক যোৱা শেহতীয়াকৈ দুদিন ধৰি গুৱাহাটীস্থিত ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত দীঘলীয়া সময় ধৰি জেৰা কৰা হৈছে। প্ৰথমদিনা প্ৰায় দহ ঘণ্টাতকৈও অধিক সময় আৰু পিছদিনা পুনৰ প্ৰায় আঠ ঘণ্টা ধৰি চলা জেৰাত তদন্তকাৰী বিষয়াসকলে একাধিক দিশত সোধা-পোচা কৰে।
জেৰাৰ অন্তত সংবাদ মাধ্যমৰ আগত পৱন খেৰাই তদন্তত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি কয় যে তেওঁক পুনৰ ২৫ মে’ত হাজিৰ হ’বলৈ কোৱা হৈছে।
উল্লেখযোগ্য যে, অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে নতুন দিল্লী আৰু গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত পৱন খেৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ দাবী কৰিছিল যে মুখ্যমন্ত্ৰীৰ পত্নীৰ হাতত তিনিখনকৈ বিদেশী ৰাষ্ট্ৰৰ পাছপোৰ্ট আছে আৰু বিদেশত বহু সম্পত্তিও আছে। এই অভিযোগক “ভুৱা, উদ্দেশ্যপ্ৰণোদিত আৰু মানহানিকৰ” বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীৰ পত্নীয়ে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত আনুষ্ঠানিক গোচৰ ৰুজু কৰিছিল ।