নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন: প্ৰাৰ্থিত্বৰ বাবে কংগ্ৰেছৰ আবেদন আহ্বান

সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে দলটোৱে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক দলীয় সদস্যসকলৰ পৰা আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্বৰ বাবে আবেদন আহ্বান কৰিছে। এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামান্না বৰুৱাই এক নিৰ্দেশনাযোগে এই কথা সদৰী কৰিছে।

নিৰ্দেশনা অনুসৰি, নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভৰ বাবে আগ্ৰহী কংগ্ৰেছ সদস্যসকলে নিৰ্ধাৰিত প্ৰ-পত্ৰযোগে আবেদন কৰিব লাগিব। এই আবেদন পত্ৰ গুৱাহাটীৰ জি এছ ৰোডস্থিত ৰাজীৱ ভৱনৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত দলৰ কোষাধ্যক্ষৰ ওচৰত উপলব্ধ হ’ব। আবেদনকাৰীসকলে আবেদন মাচুল হিচাপে ‘অসম প্ৰদেশ কংগ্ৰেছ কমিটী’ৰ নামত ১ লাখ টকাৰ নন-ৰিফাণ্ডেবল ডিমাণ্ড ড্ৰাফট জমা দিব লাগিব।

ইয়াৰ উপৰি আবেদন পত্ৰৰ সৈতে আবেদনকাৰীৰ নাম সন্নিৱিষ্ট থকা ভোটাৰ তালিকাৰ প্ৰমাণিত প্ৰতিলিপি সংলগ্ন কৰাটো বাধ্যতামূলক কৰা হৈছে। প্ৰকাশিত জাননী অনুসৰি, ২৪ আগষ্টৰ পৰা আবেদন গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আবেদন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে অহা ২৮ আগষ্ট। মূল আবেদন পত্ৰখন প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত দাখিল কৰাৰ পাছত আবেদনকাৰীসকলে আবেদন পত্ৰ আৰু ডিমাণ্ড ড্ৰাফটৰ জেৰক্স প্ৰতিলিপি নগাঁও লোকসভা সমষ্টিৰ অধীনস্থ জিলা কংগ্ৰেছ কমিটী আৰু ব্লক কংগ্ৰেছ কমিটীৰ সভাপতিসকলৰ ওচৰতো জমা দিব লাগিব।

Comments (0)
Add Comment