মধ্য প্ৰাচ্যৰ সংকট; অৰ্থনৈতিক অনিশ্চয়তা সমগ্ৰ এছিয়াত

মধ্যপ্ৰাচ্যত অব্যাহত সামৰিক উত্তেজনা আৰু সংঘাতে এতিয়া কেৱল আঞ্চলিক ৰাজনীতিকেই নহয়, সমগ্ৰ এছিয়াৰ অৰ্থনীতিকো গভীৰভাৱে প্ৰভাৱিত কৰিছে । বিশেষকৈ খাৰুৱা তেলৰ মূল্যবৃদ্ধি, জাহাজ চলাচলৰ ব্যয় বৃদ্ধি আৰু বিশ্বজুৰি যোগান শৃংখলত অনিশ্চয়তাৰ ফলত এছিয়াৰ বহু দেশ নতুন অৰ্থনৈতিক চাপৰ সন্মুখীন হৈছে।

বিশ্বৰ অন্যতম বৃহৎ তেল উৎপাদনকাৰী অঞ্চল হিচাপে মধ্যপ্ৰাচ্যৰ গুৰুত্ব অপৰিসীম । এই অঞ্চলত সংঘাত বৃদ্ধি পোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ঊৰ্ধ্বমুখী হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ ফলত ভাৰত, চীন, জাপান, দক্ষিণ কোৰিয়া, বাংলাদেশ, শ্ৰীলংকা, থাইলেণ্ড আৰু ইণ্ডোনেছিয়াৰ দৰে আমদানি নিৰ্ভৰ এছিয়ান দেশসমূহত শক্তি ব্যয় উল্লেখযোগ্যভাৱে বৃদ্ধি পোৱাৰ আশংকা সৃষ্টি হৈছে ।

ইফালে, হৰমুজ প্ৰণালী আৰু অন্যান্য গুৰুত্বপূৰ্ণ সমুদ্ৰ পথক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নিৰাপত্তাজনিত উদ্বেগে আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচলত প্ৰভাৱ পেলাইছে । শিপিং খৰচ, বীমাৰ প্ৰিমিয়াম আৰু পৰিবহণ ব্যয় বৃদ্ধি পোৱাৰ ফলত আমদানি-ৰপ্তানিৰ ক্ষেত্ৰতো ন ন অনিশ্চয়তাৰ সৃষ্টি হৈছে । বহু ব্যৱসায়ীয়ে বিকল্প যোগান ব্যৱস্থাৰ সন্ধান আৰম্ভ কৰিছে ।

অশান্ত মধ্য প্ৰাচ্যৰ প্ৰভাৱ এছিয়াৰ বজাৰত

মধ্য প্ৰাচ্যত হোৱা অশান্তজৰ্জৰ পৰিস্থিতিৰ প্ৰভাৱ এছিয়াৰ বিত্তীয় বজাৰতো স্পষ্ট হৈ পৰিছে । বিনিয়োগকাৰীসকল অধিক সতর্ক হোৱাত শ্বেয়াৰ বজাৰত অস্থিৰতা বৃদ্ধি পাইছে । শক্তি খণ্ডৰ কিছুমান কোম্পানীয়ে লাভৰ সম্ভাৱনা দেখুৱালেও বিমান, পৰিবহণ, উৎপাদন আৰু পৰ্যটন খণ্ডত চাপ অব্যাহত আছে ।

বিকল্প বজাৰ বিচাৰি এছিয়াৰ ৰাষ্ট্ৰসমূহে এতিয়া মধ্যপ্ৰাচ্যৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ দীৰ্ঘ দূৰত্বৰ পথৰ প্ৰতি মনোযোগ দিছে । উদাহৰণস্বৰূপে এছিয়াৰ দেশসমূহে তেল আমদানিৰ বাবে ব্ৰাজিলৰ দৰে উদীয়মান তেল উৎপাদনকাৰী দেশসমূহৰ দিশলৈ চাবলৈ আৰম্ভ কৰিছে । বাণিজ্যিক পথ আৰু যোগান শৃংখল মধ্যপ্ৰাচ্যৰ মাজেৰে ইউৰোপ আৰু এছিয়াক সংযোগ কৰা বাণিজ্যিক পথসমূহ সংঘাতৰ বাবে তীব্ৰ ব্যাঘাতৰ সন্মুখীন হৈছে । মালবাহী জাহাজসমূহে অধিক দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয়, যাৰ ফলত পৰিবহণৰ খৰচ বৃদ্ধি পায় আৰু পৰিবহণৰ বাবে অধিক সময়ৰো প্ৰয়োজন হয় ।

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা অস্থিৰ পৰিস্থিতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ-ৰূপৰ অত্যধিক মূল্যবৃদ্ধিৰ বাবে ভাৰতীয় বজাৰতো সোণ-ৰূপৰ মূল্য অত্যধিক হাৰত বৃদ্ধি পাইছিল আৰু বৰ্তমানেও পায়ে থকা দেখা পোৱা গৈছে ৷  

অৰ্থনীতিবিদসকলৰ আশংকা, যদি মধ্যপ্ৰাচ্যৰ সংকট দীৰ্ঘদিন ধৰি অব্যাহত থাকে, তেন্তে এছিয়াৰ বহু দেশত মুদ্ৰাস্ফীতি বৃদ্ধি, উৎপাদন ব্যয় বৃদ্ধি আৰু অৰ্থনৈতিক বিকাশৰ গতি মন্থৰ হোৱাৰ আশংকা আছে । সেয়েহে মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ ওপৰত এতিয়া বিশ্বৰ লগতে এছিয়াৰ দেশসমূহেও তীক্ষ্ণ নজৰ ৰাখিছে ।

Comments (0)
Add Comment