য়েমেন উপকূলৰ লোহিত সাগৰত মঙলবাৰে ১৩ জন ভাৰতীয় নাগৰিক কঢ়িয়াই অনা ভাৰতীয় পতাকা থকা এখন বাণিজ্যিক জাহাজত আক্ৰমণৰ ঘটনা সংঘটিত হয় । জাহাজখনত মুঠ ১৪ জন নাবিক আছিল। ইয়াৰে ১৩ জনেই ভাৰতীয়। আক্ৰমণৰ পিছত সকলো নাবিক সাগৰত পৰি যায় যদিও ইয়েমেন উপকূলৰক্ষী বাহিনীয়ে সময়মতে উদ্ধাৰ অভিযান চলাই আটাইকেইজনকে সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
নতুন দিল্লীয়ে এই আক্ৰমণক গৰিহণা দিয়ে । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে (এম ই এ) এক আনুষ্ঠানিক বিবৃতিযোগে এই সন্দৰ্ভত কয়, “আমি ৪ আগষ্টত য়েমেনৰ উপকূলৰ সমীপত লোহিত সাগৰত ডুব যোৱা ভাৰতৰ পতাকা থকা বাণিজ্যিক জাহাজ এম এছ ভি ফাইজ নূৰ অলিয়াত হোৱা আক্ৰমণক গৰিহণা দিছো ৷”
লোহিত সাগৰত ভাৰতীয় পণ্যবাহী জাহাজৰ ওপৰত হোৱা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছত কঠোৰ সকিয়নি দিছে ভাৰত চৰকাৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্টকৈ কয়, “আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক জাহাজক লক্ষ্য কৰি হোৱা আক্ৰমণ অবিলম্বে বন্ধ হ’ব লাগিব। আন্তঃৰাষ্ট্ৰীয় জলপথত সুৰক্ষিত আৰু বাধাহীন জাহাজ চলাচল নিশ্চিত কৰিবলৈ সকলো পক্ষই আন্তঃৰাষ্ট্ৰীয় আইন মানিব লাগিব ।”
মঙলবাৰে লোহিত সাগৰেৰে পাৰ হৈ যোৱাৰ সময়ত ভাৰতীয় পতাকা সংযুক্িত জাহাজ এম এছ ভি ফাইজে নুৰে অলিয়া-ৰ ওপৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ সংঘটিত হয় । আক্ৰমণত জাহাজখন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈ অৱশেষত ডুব যায় ।
ঘটনাৰ পিছতেই ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰে । মন্ত্ৰণালয়ে কয়, বাণিজ্যিক জাহাজক লক্ষ্য কৰি হোৱা আক্ৰমণ অবিলম্বে বন্ধ হ’ব লাগিব । আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি লোহিত সাগৰ আৰু সংশ্লিষ্ট আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাধাহীন আৰু সুৰক্ষিত জাহাজ চলাচল নিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজনীয় । বিশ্ব বাণিজ্য সুচল ৰাখিবলৈ এই সুৰক্ষা নিশ্চিত কৰাটো জৰুৰী বুলিও ভাৰতৰ মত।
উল্লেখযোগ্য যে, আমেৰিকা আৰু ইৰানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পিছৰে পৰা পশ্চিম এছিয়াৰ সামুদ্ৰিক অঞ্চল অধিক স্পৰ্শকাতৰ হৈ পৰিছে । বিশেষকৈ হৰমুজ প্ৰণালী, লোহিত সাগৰ আৰু আন আন্তঃৰাষ্ট্ৰীয় জলপথত একাধিক বাণিজ্যিক জাহাজ আক্ৰমণৰ সন্মুখীন হৈছে ।
ইৰানে হৰমুজ প্ৰণালীৰ ওপৰত নিজৰ নিয়ন্ত্ৰণৰ দাবী অব্যাহত ৰাখিছে । আনহাতে, লোহিত সাগৰত ছৌদি আৰৱৰ সৈতে দীৰ্ঘদিনীয়া সংঘাতৰ প্ৰেক্ষাপটত হুথি বিদ্ৰোহীসকলে পূৰ্বতেও একাধিক ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই আহিছে ।
ইপিনে কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এম এছ ভি ফাইজ নূৰ অলিয়া নামৰ জাহাজখনৰ ওপৰত সংঘটিত এই অপ্ৰৰোচিত আক্ৰমণক গৰিহণা দিছে ৷
ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা পোষ্টত মন্ত্ৰী সোণোৱালে কয়, “আমাৰ জনসাধাৰণৰ সুৰক্ষা আমাৰ মুখ্য অগ্ৰাধিকাৰ ৷ য়েমেনৰ ক’ষ্ট গাৰ্ডে ১৩ জন ভাৰতীয়কে ধৰি ১৪ জন নাৱিকক নিৰাপদে উদ্ধাৰ কৰি মোখা বন্দৰলৈ ঘূৰাই অনা বুলি জানিব পাৰি মই সকাহ পাইছো ৷”