মণিপুৰৰ এফ চি ৰেংদাই দলে ইতিহাস গঢ়ি চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলৰ অভিষেক মেচতে জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷ আজি ইম্ফলত অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ মেচত দলে একমাত্ৰ গ’লটোৰে পৰাস্ত কৰে ভাৰতীয় নৌ সেনাৰ ফুটবল দলক ৷ খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত এফ চি ৰেংদাইৰ হৈ খেলৰ ৫৮ মিনিটত গল কৰে অমৰজিত সিঙে ৷
গেলেৰী ভৰ্তি মণিপুৰৰ ফুটবলপ্ৰেমীৰ একক সমৰ্থনত খেলা এফ চি ৰেংদাই দলে খেলৰ আৰম্ভণিৰ পৰাই আক্ৰমণ কৰিছিল যদিও প্ৰথমাৰ্ধত গল কৰাত সফল নহ’ল ৷ কিন্তু দ্বিতীয়াৰ্ধত দলে আক্ৰমণত অতিৰিক্ত খেলুৱৈ অন্তৰ্ভুক্ত কৰে ৷ প্ৰথম ৪৫ মিনিট বাহিৰত থকা অমৰজিতে দ্বিতীয়াৰ্ধত খেলপথাৰত প্ৰৱেশ কৰি ঘৰুৱা দলৰ ৰণনীতি স্পষ্ট কৰি দিয়ে ৷
৫৮ মিনিটত দলৰ মিডফিল্ডাৰ মিদুল দ’লে বল লৈ আগবাঢ়িছিল ৷ কিন্তু নৌ সেনাৰ গলৰক্ষক ভাস্কৰ ৰয়ে মিদুলক বাধা দিয়ে ৷ অৱশ্যে বল আয়ত্ব কৰাত ভাস্কৰ ব্যৰ্থ হোৱাত অমৰজিতে গলবক্সত বল সোমাই দিয়ে ৷ ইফালে, ৭৯ মিনিটত নৌ সেনাক দ্বিতীয়টো গলৰ পৰা ৰক্ষা কৰে ভাস্কৰে ৷
উল্লেখ্য যে ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল কাইলৈৰ পৰা উত্তৰ-পূৱৰ আন এখন ৰাজ্য শ্বিলঙত অনুষ্ঠিত হ’ব ৷ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কাইলৈ পাঁচ বজাত হ’বলগা গ্ৰুপ ‘ই’ৰ মেচত ছিলং লাজং দলে নংকেশ এছ এছ চি চিৰ বিৰুদ্ধে খেলিব ৷
ইফালে, কাইলৈ কলকাতাৰ কিশোৰ ভাৰতী ষ্টেডিয়ামত নিশা সাত বজাত হ’বলগা আন এখন মেচত ইষ্ট বেংগল এফ চিয়ে চি আই এছ এফ প্ৰটেকটৰ্ছৰ বিৰুদ্ধে খেলিব ৷
উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী ডুৰাণ্ড কাপৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ হৈছে ৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব ৷