কাইলৈৰ পৰা ভাৰত – ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয় এদিনীয়াৰ টিকট বিক্ৰী

গুৱাহাটী: গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত অহা ৩০ ছেপ্টেম্বৰত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হ’বলগীয়া দ্বিতীয়খন এদিনীয়া খেলৰ টিকট বিক্ৰী অহা ৪ ছেপ্টেম্বৰৰ ( ২০২৬ ) পুৱা ১১:০০ বজাত আৰম্ভ হ’ব বুলি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা জনোৱা হৈছে ।

বুকমাইশ্ব’ (বিএমএছ)ৰ জৰিয়তে একচেটিয়াভাৱে টিকট উপলব্ধ হ’ব । সফল বুকিঙৰ পিছত দৰ্শকে এম-টিকট লাভ কৰিব আৰু তেনেদৰেই ষ্টেডিয়ামত সুচল আৰু নিৰৱচ্ছিন্ন প্ৰৱেশ প্ৰক্ৰিয়া নিশ্চিত হ’ব ।


সমগ্ৰ অসম আৰু ইয়াৰ বাহিৰৰ ক্ৰিকেট অনুৰাগীসকলৰ অংশগ্ৰহণৰ বাবে টিকটৰ মূল্য সুলভ কৰি ৰখা হৈছে । ছাত্ৰ-ছাত্ৰীৰ বাবে :৫০০ টকা আৰু অন্য ষ্টেণ্ডৰ বাবে ১৫০০ টকা আৰু ততোধিক মূল্য নিৰ্ধাৰণ কৰা হৈছে । ক্ৰিকেট অনুৰাগীসকলে বুকমাইশ্ব’ৰ জৰিয়তে টিকট বুকিং কৰিব পাৰিব আৰু এচিএ ষ্টেডিয়ামত ক্ৰিকেট অনুষ্ঠানত ভাগ লব পাৰিব ।

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হৈছে ।

Comments (0)
Add Comment