সামৰণি পৰিল CWG ২০২৬: বৰঝাৰত উষ্ম আদৰণি লাভলিনাক

বুধবাৰে স্বগৃহত উপস্থিত হৈছে বক্সাৰ লাভলিনা বৰগোহাঁই ।কমনৱেলথ গেমছ ২০২৬ত ৰূপৰ পদক বিজয়ী অসমৰ গৌৰৱ, বক্সাৰ লাভলিনা বৰগোহাঁই বৰঝাৰ বিমানবন্দৰ উপস্থিত হোৱাৰ লগে লগে বিভিন্নজনে উষ্ম আদৰণি জনায় । উল্লেখ্য যে, ইতিমধ্যে অন্ত পৰিছে স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত হোৱা ২০২৬ বৰ্ষৰ কমনৱেলথ গেমছ ৷ এই প্ৰতিযোগিতাত ভাৰতে ৩৯টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ অসম গৌৰৱ তথা অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়েও কমনৱেলথ গেমছত ৰূপৰ পদক অৰ্জন কৰি দেশৰ লগতে ৰাজ্যখনলৈকো গৌৰৱ কঢ়িয়াই আনিছে ৷

অসমলৈ অহাৰ পূৰ্বে কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী অসমীয়া বক্সাৰ লাভলিনাক সাক্ষাৎ কৰে দিল্লীৰ শিক্ষা তথা ক্ৰীড়া মন্ত্ৰী আশীষ সুদে । তেওঁ খেলুৱৈগৰাকীক চৰকাৰৰ হৈ ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নত কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

কৃতিত্বৰ বাবে অভিনন্দন জনাই মন্ত্ৰী সুদে কয় যে চৰকাৰে দেশৰ ৰাজধানী চহৰখনত ক্ৰীড়াৰ সা-সুবিধা উন্নত কৰাৰ লগতে উদীয়মান খেলুৱৈসকলৰ বাবে সুযোগ বৃদ্ধিৰ বাবে কাম কৰিব ।

উল্লেখ কৰা প্ৰয়োজন যে, দেওবাৰে ১১ দিনীয়াকৈ অনুষ্ঠিত কমনৱেলথ গেমছ ২০২৬ৰ সামৰণি পৰে ৷ ভাৰতে ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ সৈতে ৩৯টা পদকৰে প্ৰতিয়োগিতাখনত চতুৰ্থ স্থান দখল কৰে ৷

২০৩০ বৰ্ষৰ কমনৱেলথ গেমছ হ’ব শতবাৰ্ষিকী সংস্কৰণ আৰু ভাৰতক এই প্ৰতিযোগিতাখন আয়োজনৰ অধিকাৰ প্ৰদান কৰা হৈছে ৷ গুজৰাটৰ আহমেদাবাদত ২০৩০ চনৰ কমনৱেলথ গেমছ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷

Comments (0)
Add Comment