তেজপুৰ বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰৰ দিনটোত সংঘটিত হয় এটি শোকাৱহ ঘটনা । বিশ্ববিদ্যালয়খনৰ চৌহদত চলি থকা গৃহ নিৰ্মাণৰ কামত নিয়োজিত এজন শ্ৰমিকৰ কৰ্মৰত অৱস্থাতে মৃত্যুমুখত পৰে । জানিব পৰা মতে, মৃত শ্ৰমিকজন অধ্যাপকৰ আবাস গৃহৰ চি টাইপ বিল্ডিংৰ চতুৰ্থ মহলাত কৰ্মৰত হৈ আছিল । মৃত শ্ৰমিকজন হোজাই জিলাৰ মুনামুখ থানাৰ অন্তৰ্গত শলমাৰি গাঁৱৰ আব্বাছ উদ্দিন ওৰফে বুলবুল ।
চতুৰ্থ মহলাত কাম কৰি আছিল যদিও ২০ বছৰীয়া শ্ৰমিকজনে কাম কৰি থকাৰ সময়ত কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা, কঁকালত হুকিং ব্যৱস্থা আদি গ্ৰহণ কৰা নাছিল । যাৰ ফলত তললৈ পৰি যোৱাৰ ফলত গুৰুতৰভাৱে আহত হয় । শ্ৰমিকজনক তেজপুৰৰ ডৰিকা হস্পিটেললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আহত শ্ৰমিকজনক তেজপুৰৰ ডৰিকা হাস্পতাললৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।
নিহত আব্বাছ যমুনামুখ থানাৰ আব্দুল দলিলৰ পুত্ৰ বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।