জুবিনে ন্যায় নাপালে ন্যায়ৰ কোনো অৰ্থ নাথাকিব

বজালী: প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ন্যায় বিচাৰি পুনৰ আবেগিক হ’ল তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। জুবিনে ন্যায় নাপালে অসমত ন্যায়ৰ কোনো অৰ্থ নাথাকিব বুলি মন্তব্য কৰি তেওঁ দোষীয়ে শাস্তি পোৱাটো নিশ্চিত কৰাৰ বাবে আহ্বান জনায়।

পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত অনুষ্ঠিত নৱাগত আদৰণি সভা আৰু শিক্ষক দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি গৰিমা শইকীয়া গাৰ্গে কয়, ‘জুবিন অকল আমাৰ আবেগ নহয়, তেওঁ ন্যায় পোৱাটো আমি সকলোৱে বিচাৰো।’

দেশৰ ন্যায় ব্যৱস্থা কিছু লেহেমীয়া হ’লেও জুবিনৰ মৃত্যুৰ ঘটনাত দোষীয়ে শাস্তি পাব লাগিব বুলি আশা প্ৰকাশ কৰি তেওঁ কয়, ‘এইয়া আমাৰ একান্ত প্ৰাৰ্থনা, দাবী আৰু অনুৰোধ।’

একেটা অনুষ্ঠানতে গৰিমা শইকীয়া গাৰ্গে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যও ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ পোষকতা কৰে। জুবিন ক্ষেত্ৰৰ কাম ভালদৰে আৰু মানসম্পন্নভাৱে সম্পূৰ্ণ হোৱাটো সকলোৱে বিচাৰে বুলি মন্তব্য কৰি তেওঁ নিৰ্মাণ কাৰ্যত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়।

ইফালে, শিক্ষক দিৱস আৰু নৱাগত আদৰণি অনুষ্ঠানত জুবিন গাৰ্গৰ স্মৃতিত এইবাৰ প্ৰথমবাৰৰ বাবে ‘জুবিন গাৰ্গ সোঁৱৰণী বঁটা’ প্ৰদান কৰা হয়। গৰিমা শইকীয়া গাৰ্গে দশম শ্ৰেণীৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা দুগৰাকী কৃতী শিক্ষাৰ্থীক এই বঁটা প্ৰদান কৰে।

বঁটাৰ সৈতে দুয়োগৰাকী শিক্ষাৰ্থীক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হয়। অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ তৰফৰ পৰাও কৃতী শিক্ষাৰ্থী দুগৰাকীক উষ্ম আদৰণি জনোৱা হয়।

Comments (0)
Add Comment