ভাৰত তথা অসমলৈ ৰূপৰ পদকেৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল অসম সন্তান বক্সাৰ লাভলীনা বৰগোঁহায়ে ৷ চলিত কমনৱেলথ গেমছৰ মহিলাৰ ৭৫ কেজি শাখাৰ ফাইনেলত বিজয়ী হ’ব নোৱাৰিলেও ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে অসম গৌৰৱ তথা ভাৰতীয় তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে ৷
অষ্ট্ৰেলিয়াৰ বক্সাৰ এমা-ছু গ্ৰীণট্ৰিৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামি পৰাস্ত হয় লাভলিনা । ভাৰতীয় সময় অনুসৰি নিশাৰ ভাগত অনুষ্ঠিত উত্তেজনা পূৰ্ণ মেছখনত ৪-১ পইন্টত পৰাস্ত হয় লাভলিনা ৷ উল্লেখ্য যে, লাভলীনা বৰগোঁহায়ে কমনৱেলথ গেমছৰ মহিলাৰ ৭৫ কেজি শাখাৰ ছেমি ফাইনেলত আফগানিস্তানৰ তুভালুৰ তাৰোণা টাফাকিক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ৷
বক্সাৰগৰাকীয়ে সোণৰ পদক লাভ কৰিব বুলি সমগ্ৰ অসম তথা ভাৰতবাসীয়ে আশা কৰি আছিল যদিও অষ্ট্ৰেলিয়াৰ বক্সাৰ এমা-ছু গ্ৰীণট্ৰিৰ হাতত পৰাস্ত হোৱাৰ লগে লগে লাভলীনা বৰগোঁহাইৰ স্বৰ্ণ লাভৰ স্বপ্ন অপূৰ্ণ হৈ ৰয় ৷
উল্লেখ কৰা প্ৰয়োজন যে কমনৱেলথ গেমছত লাভলিনাই লাভ কৰা ৰূপৰ পদকটি ৰাজ্যখনৰ শেহতীয়া বানত প্ৰাণ হেৰুওৱাসকললৈ উছৰ্গা কৰিলে অসমকন্যা লাভলীনা বৰগোহাঁয়ে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা
লাভলিনা বৰগোহাঁইৰ সাফল্যত উফুল্লিত হৈ অসমৰ মুখ্যমন্ত্ৰীয়ে X যোগে তেওঁলৈ শুভকামনা জনাই কয়, ”অসমৰ গৌৰৱ, ভাৰতৰ চেম্পিয়ন । #CWG2026 ত ৰূপৰ পদক লাভ কৰাৰ বাবে @LovlinaBorgohai লৈ আন্তৰিক অভিনন্দন । আমি এই উল্লেখযোগ্য কৃতিত্ব উদযাপন কৰিবলৈ অধীৰ আগ্ৰেহেৰে ৰৈ আছো ।”
মুখ্যমন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও লাভলিনালৈ শুভেচ্ছা জনাইছে ।