বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ এটা বহুল চৰ্চিত নাম বৈভৱ সূৰ্যবংশী । কম বয়সীয়া সত্বেও বৈভৱৰ প্ৰতিভাৰ বাবে সঘনে সংবাদ মাধ্যমৰ চৰ্চাত থাকে অনুজ ক্ৰিকেটাৰগৰাকী ।
শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ কিংবদন্তি প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰেট লীয়ে এটা ভাৰতীয় ইউটিউব চেনেল ‘বিয়েৰ বাইচেপছ’ ত দিয়া এটা সাক্ষাৎকাৰত যুৱ ক্ৰিকেটাৰগৰাকীৰ বিষয়ে এটি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । ব্ৰেট লীয়ে বৈভৱ সন্দৰ্ভত কৰি কয় যে বৈভৱৰ বয়স যিমানেই নহওঁক কিয় তাত ক’বলগীয়া একো নাই । লগতে ক্ৰিকেটাৰগৰাকী যথেষ্ট প্ৰতিভাসম্পন্ন বুলি উল্লেখ কৰে প্ৰবীণ ক্ৰিকেটাৰগৰাকীয়ে । বৈভৱৰ দৰে প্ৰতিভাক বিছাৰি উলিওৱাটো ভাৰতীয় ক্ৰিকেটৰ বাবে গৌৰৱৰ বিষয় বুলিও তেওঁ কয় ।
চলিত বৰ্ষৰ আই পি এলতো বৈভৱৰ প্ৰতিভাৰ প্ৰকাশ ঘটিছে বুলি তেওঁ উল্লেখ কৰি কয়, “বিশেষকৈ ছিনৰাইজাৰ্জ হায়দৰাবাদৰ বিৰুদ্ধে ৯৭ ৰাণৰ বিস্ফোৰক ইনিংছ খেলি সমগ্ৰ বিশ্ববাসীক স্তম্ভিত কৰি তুলিছিল ।”
নিচেই কম বয়সতে কম সময়ৰ ভিতৰত সফলতা লাভ কৰাটোৱেই বৈভৱৰ বাবে বৃহৎ সফলতা বুলি তেওঁ সাক্ষাৎকাৰটোত উল্লেখ কৰে ।