ৰাজ্যৰ বানত মৃতকৰ সংখ্যা বৃদ্ধি ৮৭ জনলৈ; বৰ্তমানো বিপদসীমাৰ ওপৰেৰে বৈ আছে ধনশিৰি নৈ

ৰাজ্যত বান কমিলেও এতিয়াও ইয়াৰ প্ৰাদুৰ্ভাৱৰ পৰা মুক্ত হ’ব পৰা নাই বানাক্ৰান্ত জিলাকেইখন । দিনে দিনে বানাক্ৰান্ত জিলাকেইখনৰ বিভিন্ন অংশৰ পৰা আৰক্ষী-প্ৰশাসনৰ তৎপৰতাত উদ্ধাৰ হৈছে এটিৰ পৰাচত এটিকৈ মৃতদেহ । উল্লেখ্য যে, সোমবাৰে ৰাজ্যৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৮৭ জনলৈ । তদুপৰি, ৭ খন জিলাৰ ১.২৮ লাখৰো অধিক লোক বৰ্তমানো বানৰ কৱলৰ পৰা মুক্ত হোৱা নাই ৷

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সোমবাৰৰ নিশা প্ৰকাশ কৰা দৈনিক বান সম্পৰ্কীয় বুলেটিন অনুসৰি সোমবাৰে বান বিধ্বস্ত শিৱসাগৰ জিলাত এটি শিশুসহ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ ইফালে চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ধেমাজি, বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ ২৪টা ৰাজহ চক্ৰৰ ৩৮০ খন গাঁৱৰ ১২৮,০৭১ জন লোক বৰ্তমানো বানৰ কৱলত আছে ৷ ৫৪৫৮৫ টা পশুধন বানত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৪,২৩০,১৪৮ হেক্টৰ কৃষিভূমি বানত নষ্ট হৈছে ৷

শিৱসাগৰ জিলাত সৰ্বাধিক ৫৫,২০০গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে চৰাইদেউত ৩৪,০৫০ আৰু যোৰহাটত ২০,২০৯ জন লোক বানত আক্ৰান্ত হৈছে ।

প্ৰশাসনে স্থাপন কৰা ৩৮টা সাহায্য শিবিৰত বৰ্তমানো ১১,০৬৬জন গৃহহীন লোকে আশ্ৰয় লৈ আছে ৷ ইফালে ১৭টা সাহায্য বিতৰণ কেন্দ্ৰও কাৰ্যক্ষম হৈ আছে ।

উল্লেখনীয় বিষয় যে গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰি নদীৰ জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰেদি বৈ আছে ।

Comments (0)
Add Comment