বানাক্ৰান্ত অঞ্চলত সহায় আগবঢ়োৱা ইউটিউবাৰৰ ওপৰত নজৰ ৰাখিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু উজনি অসমৰ ৪ খন জিলাৰ জলপ্লাৱনৰ বুজ লৈ লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংবাদমেলখনত মুখ্যমন্ত্ৰীগৰাকীয়ে বান সাহায্য প্ৰদানৰ নামত পুঁজি সংগ্ৰহ কৰা ইউটিউবাৰ সন্দৰ্ভত কেইবাটাও মন্তব্য প্ৰদান কৰে ।
সংবাদমেলখনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শেহতীয়া বানত অসমলৈ সাহায্য আগবঢ়াইছিল ৭২ জন ইউটিউবাৰে । বানপীড়িত লোকসকলৰ সহায়ৰ নামত নিজাববীয়াকৈ ধন আৰু অনুদান সংগ্ৰহ কৰা এই কেইজন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে বুলি সংবাদমেলত কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় এই ইউটিউবাৰসকলে সঘনে অনলাইন আৰু ৰাজহুৱাভাৱে যি পুঁজি সংগ্ৰহ কৰিছে, সেই ধন প্ৰকৃততে দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত লোকসকলে লাভ কৰিছেনে সেয়াও চৰকাৰে সঠিক পৰ্যবেক্ষণ কৰিব । ইয়াৰোপৰি, সংগৃহীত অনুদান বানাক্ৰান্ত অঞ্চলসমূহত সঠিকভাৱে ব্যৱহৃত হৈছে নে নাই, তাৰ ওপৰতো চৰকাৰে চোকা নজৰ ৰাখিব বুলি আজিৰ সংবাদমেলত উল্লেখ কৰে ।
বানৰ অচিলা লৈ যাতে কোনো ধৰণৰ বিত্তীয় অনিয়ম নহয় সেই দিশলৈ লক্ষ্য ৰাখিহে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকল ইউটিউবাৰে নিষ্ঠা-সততাৰে কাম কৰিছে আৰু সংগৃহীত পুঁজি প্ৰকৃত আৰ্তজনৰ ওচৰলৈ প্ৰেৰণ কৰিছে, তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ’ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।