গুৱাহাটী: চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভূপেশ বাঘেলে অসম কংগ্ৰেছৰ দায়িত্ব লাভ কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে গুৱাহাটীত আহি উপস্থিত হয়। পুৱা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰাৰ লগে লগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত এটা প্ৰতিনিধি দলে বাঘেলক আদৰণি জনায়। বিমান বন্দৰৰ পৰা বাঘেলে পোনে পোনে আহি ৰাজীৱ ভৱনত উপস্থিত হয়। ৰাজীৱ ভৱনতো দলৰ নেতা-কৰ্মীসকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সেৱা দলৰ তৰফৰ পৰা ভূপেশ বাঘেলক বিশেষভাৱে আদৰণি জনোৱা হয়। ইয়াৰ পিছতে, অসমৰ নৱনিযুক্ত তত্বাৱধায়কগৰাকীৰ উপস্থিতত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ অধ্যক্ষতাত ৰাজীৱ ভৱনত শৃংখলাবদ্ধভাৱে কেইবাখনো গুৰুত্বপূৰ্ণ সাংগঠনিক আৰু নিৰ্বাচনী বৈঠক অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই বৈঠকসমূহত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃত্বৰ পৰা আৰম্ভ কৰি বিধায়িনী দল, নগাঁও লোকসভা সমষ্টিৰ পৰ্যবেক্ষক তথা জিলা সভাপতি আৰু বিষয়ববীয়াসকল মিলিত হৈ আগন্তুক দিনৰ ৰাজনৈতিক কাৰ্যপন্থা নিৰ্ধাৰণ কৰে।
প্ৰথমে সভাপতি গৌৰৱ গগৈৰ পৌৰোহিত্যত ৰাজনৈতিক পৰিক্ৰমা সমিতি, প্ৰদেশ নিৰ্বাচন সমিতি, কোষাধ্যক্ষ, উপ-সভাপতি আৰু জ্যেষ্ঠ নেতাসকলক লৈ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা, প্ৰাক্তন সাংসদ বলীন কুলী, অসম বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কী, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, কোষাধ্যক্ষ ডা° হেম হৰি পেগু, উপ-সভাপতি ৰাজু ছাহু, মীনা তেলি, ঘন বুঢ়াগোহাঁই, প্ৰণয় ৰাভা, প্ৰাক্তন মন্ত্ৰী এট’ৱা মুণ্ডা, প্ৰণতি ফুকনকে ধৰি দলৰ বহুসংখ্যক শীৰ্ষ নেতৃত্ব উপস্থিত থাকে।
প্ৰথমখন বৈঠকৰ অন্তত ভূপেশ বাঘেল আৰু গৌৰৱ গগৈৰ উপস্থিতিত অসম বিধানসভাৰ কংগ্ৰেছ বিধায়কসকলৰ সৈতে আন এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিৰোধী দলৰ দলপতি ৱাজেদ আলী চৌধুৰী, উপ-দলপতি ড° জয়প্ৰকাশ দাস, বিধায়ক ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা, আফতাব উদ্দিন মোল্লা, আবুল কালাম ৰছিদ আলম, আমিনুল হক লস্কৰ, আব্দুৰ ৰহিম আহমেদ, আব্দুছ ছোবাহান আলী সৰকাৰ, ড° আচিফ মহম্মদ নজৰ, আমিনুৰ ৰছিদ চৌধুৰী, তানজিল হুছেইন, জুবেইৰ আনম মজুমদাৰ, নুৰুল ইছলাম, বেবী বেগম, জাকাৰিয়া আহমেদ, মহিবুৰ ৰহমান (বাপ্পী) আৰু আশ্ৰাফুল ইছলাম শ্বেইখ উপস্থিত থাকে। বৈঠকত বিধানসভাৰ ভিতৰে-বাহিৰে দলৰ ভূমিকা আৰু ৰাজ্যৰ সাম্প্ৰতিক সামাজিক-ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়।
ইয়াৰ পৰৱৰ্তী সময়ত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰ্যবেক্ষকসকলৰ লগত এক অতি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ লগতে দলৰ জ্যেষ্ঠ নেতৃবৃন্দ আৰু সমষ্টিটোৰ বাবে গঠিত পৰ্যবেক্ষক সমিতিৰ সদস্যসকল উপস্থিত থাকে। বৈঠকত নগাঁও সমষ্টিত কংগ্ৰেছ দলৰ বিজয় নিশ্চিত কৰাৰ বাবে বিস্তৃত ৰণনীতি প্ৰস্তুত কৰা হয়। বিশেষকৈ প্ৰস্তুতি সমিতি, নিৰ্বাচনী প্ৰচাৰ সমিতি আৰু মিডিয়া সমিতিৰ কাৰ্যপন্থা সন্দৰ্ভত গভীৰ আলোচনা কৰা হয়। বৈঠকত বক্তব্য ৰাখি নতুনকৈ অসমৰ তত্বাৱধায়কৰ দায়িত্ব লাভ কৰা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ভূপেশ বাঘেলে উল্লেখ কৰে যে আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত জয়লাভ কৰাটো কংগ্ৰেছ দলৰ বাবে অত্যন্ত জৰুৰী আৰু সন্মানৰ বিষয়, যাৰ বাবে সকলো নেতা-কৰ্মীক একত্ৰিতভাৱে নিষ্ঠাৰে নামি পৰিবলৈ তেওঁ আহ্বান জনায়।
দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে প্ৰদেশ কংগ্ৰেছৰ জিলাসমূহৰ সভাপতি, সাধাৰণ সম্পাদক, সম্পাদক আৰু যুটীয়া সম্পাদকসকলক লৈয়ো বিস্তাৰিত সাংগঠনিক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰদেশ কংগ্ৰেছৰ তৃণমূল সংগঠনটো অধিক শক্তিশালী কৰাৰ লগতে প্ৰতিটো বুথ পৰ্যায়ত কেনেকৈ দলক সংগঠিত কৰিব পাৰি, সেই বিষয়ে পুংখানুপুংখ আলোচনা কৰা হয়।
আটাইকেইখন বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামান্না বৰা, সাধাৰণ সম্পাদক (প্ৰশাসন) বিপুল গগৈকে ধৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকল, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, সেৱা দলৰ অধ্যক্ষ দ্বীপ বায়ন, যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনাম মজুমদাৰ আৰু এনএছইউআইৰ সভাপতি কৌশিক কাশ্যপ কলিতা উপস্থিত থাকি আলোচনা আৰু কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰে।