প্ৰথম পাঁচখন মেচৰ ধাৰাবাহিক ব্যৰ্থতাৰ পাছত তেজপুৰ টাইটানছে চলিত ইম্পেৰিয়েল অসম প্ৰিমিয়াৰ লীগত প্ৰথম জয়ৰ সফলতা লাভ কৰিছে ৷ বৃহস্পতিবাৰে নিশা অনুষ্ঠিত লীগৰ ২৪ নম্বৰ মেচখনত দলে সাত উইকেটত পৰাস্ত কৰে বৰাক লিজেণ্ডছক ৷ ১৫৯ ৰাণৰ বিজয়ৰ লক্ষ্য আগত লৈ টাইটানছে ১৭.৫ অভাৰত তিনি উইকেট হেৰুৱাই প্ৰথম পইণ্ট সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷
অপেক্ষাৰ অন্তত টাইটানছে লাভ কৰা এই গুৰুত্বপূৰ্ণ জয়ৰ নায়কদ্বয় হ’ল নিহাৰ ডেকা আৰু ৰোছন টপ্ন’৷ ইনিংছৰ আৰম্ভনিতে প্ৰথম দুই অভাৰত ছয় ৰাণত অপেনাৰদ্বয়ৰ উইকেট হেৰুৱাই বিপদত পৰা তেজপুৰৰ ইনিংছক নতুন আশাৰে গঢ় দিয়ে নিহাৰ-ৰোছনে ৷ উভয়ে তৃতীয় উইকেটৰ যুটিত ১৩৬ ৰাণ কৰি হতাশাত থকা দলৰ সমৰ্থকলৈ উৎসাহ লৈ আনে ৷ ৪৪ বলত পাঁচটা ছিক্সাৰসহ ৭২ ৰাণ কৰি নিহাৰ আউট হয় যদিও তেতিয়ালৈকে দলৰ বিজয় নিশ্চিত হৈ পৰিছিল ৷ আনহাতে, ৰোছনে ৪৬ বলত তিনিটা ছিক্সাৰসহ ৭২ ৰাণত অপৰাজিত হৈ থাকে ৷ বৰাকৰ আব্দুল আজিজে ২১ ৰাণত দুটা উইকেট লাভ কৰে ৷
বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত টছত তেজপুৰ জয় হয় আৰু বৰাকক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ৷ লিজেণ্ডছৰ আৰম্ভণি প্ৰত্যাশিত নহ’ল যদিও বিশাল সাহাই লীগত তৃতীয়টো অৰ্ধশতক অৰ্জন কৰি দলক সন্তোষজনক স্থিতিত উপনীত কৰায় ৷ তেওঁৰ ইনিংছত আছিল দুটা ছিক্সাৰ আৰু সাতটা বাউণ্ডেৰী ৷ ছখন মেচৰ অন্তত লিজেণ্ডছৰ অপেনাৰজনৰ মুঠ ৰাণ ২৭৯ ৷
ইনিংছ মুকলি কৰা বিশালে উইকেটৰ এটা ফালে দৃঢ়তাৰে বেটিং কৰাৰ লগতে শুভম, শ্ৰবণ, শিৱ শংকৰ আৰু আব্দুলৰ লগত ক্ৰমে ২৭, ৩৫, ৪৯ আৰু ২৮ ৰাণৰ চাৰিটা গুৰুত্বপূৰ্ণ যুটি বান্ধে ৷ ২০ অভাৰত বৰাকে সাত উইকেট হেৰুৱাই ১৫৮ ৰাণ কৰে ৷ টাইটানছৰ অধিনায়ক আয়ুষ্মান মালাকাৰে দুটা উইকেট লাভ কৰে ৷