ধুবুৰীত পুনৰ নিচাযুক্ত সামগ্ৰী জব্দ; গ্ৰেপ্তাৰ এজন

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ হৈ থকাৰ পাচতো সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ । নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযানৰ অংশস্বৰূপে বুধবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰত আৰক্ষীয়ে পুনৰ জব্দ কৰিবলৈ সক্ষম হয় নিষিদ্ধ সামগ্ৰী । গৌৰীপুৰ আৰক্ষীয়ে চলাইছিল এই গোপন অভিযান । অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ এজন সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰে ।

আটক কৰা সৰবৰাহকাৰীটো মধুশৌলমাৰী ১ম খণ্ড গাঁৱৰ বাসিন্দা জাহানুৰ হক বুলি জানিবহ পৰা গৈছে । ধৃত হকৰ জিম্মাৰ পৰা আৰক্ষীয়ে ১৯ টা সন্দেহজনক নিচাজাতীয় সামগ্ৰী ভৰ্তি কন্টেইনাৰ জব্দ কৰে বুলি আৰক্ষীয়ে জনায় । জব্দকৃত নিচাজাতীয় সামগ্ৰীখিনিৰ ওজন প্ৰায় ২০.৫৪ গ্ৰাম বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

অধিক তথ্যৰ বাবে আৰক্ষীয়ে ক্ষীপ্ৰ কৰি তুলিছে ঘটনা সন্দৰ্ভত তদন্ত ।

ড্ৰাগছধুবুৰী আৰক্ষী
Comments (0)
Add Comment