অসমৰ বন্যাৰ্তক সহায় আগবঢ়াবলৈ দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত দ্য গ্ৰেট খালী

অসমৰ বানপীড়িত লোকসকলক সাহায্য প্ৰদানৰ বাবে অসমত উপস্থিত হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন WWE মল্লযুঁজাৰু দ্য গ্ৰেট খালী, যাক দলিপ সিং ৰানা বুলিও জনা যায় । ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে বানপীড়িত পৰিয়ালৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মল্লযুঁজাৰুগৰাকীয়ে । শিৱসাগৰৰ দাৰিকা অভিমুখে যাত্ৰা কৰাৰ সময়তে মৰাণৰ পেচিফিকা ইনত কিছু সময় জিৰণি লয় খালীয়ে ।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত দ্য গ্ৰেট খালীয়ে কয় যে সংকটৰ সময়ত মানুহৰ কাষত থিয় দিয়াটো প্ৰতিজন ব্যক্তিৰ দায়িত্ব ।

ট্ৰু হোপ ফাউণ্ডেশ্যন, অয়ন ফাউণ্ডেশ্যন আৰু কণ্ঠশিল্পী দীপলিনা ডেকা ফাউণ্ডেশ্যনৰ সহযোগত এই সাহায্যৰ পদক্ষেপ গ্ৰহণ কৰিছে খালীয়ে । শিৱসাগৰৰ দৰিকাত প্ৰায় ৪০০ৰ পৰা ৫০০ বানাক্ৰান্ত পৰিয়ালৰ বাবে বিচনা, কম্বল, আঠুৱা, খোৱাপানীৰ ফিল্টাৰকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছে ।

জানিব পৰা মতে, মল্লযুঁজাৰুজন দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে । উল্লেখ কৰা প্ৰয়োজন যে উজনি অসমত বানে ধাৰণ কৰা কালৰূপৰ প্ৰভাৱৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই ভুক্তভোগী । ব্যক্তিগত সা-সম্পত্তিৰ পৰা ৰাজহুৱা সম্পত্তি পৰ্যন্ত বিধ্বস্তপ্ৰায় হৈ পৰিছে ।

Comments (0)
Add Comment