Your Mic Your Voice

ব্ৰহ্মপুত্ৰৰ বুকুত নতুন আশা! হাজো-শুৱালকুছিৰ লাহেশ্বৰী চৰত মুখ্যমন্ত্ৰী

0

ব্ৰহ্মপুত্ৰই কেতিয়াবা কাঢ়ি নিয়ে, কেতিয়াবা আকৌ ঘূৰাই দিয়ে। আৰু এইবাৰ ব্ৰহ্মপুত্ৰই ঘূৰাই দিয়া বিশাল ভূমিতেই নতুন সম্ভাৱনাৰ সন্ধানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আজি কামৰূপৰ হাজো-শুৱালকুছিৰ লাহেশ্বৰী চৰত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিৰ বিশাল ভূমি পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে।

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই অসমৰ মাটিৰ আয়তন দিনে দিনে কমাই আনিছে যদিও, নদীয়ে এৰি যোৱা এই নতুন ভূমিয়ে এতিয়া নতুন আশা কঢ়িয়াই আনিছে।

unimex

ভৱিষ্যতে এই ভূমিত এক ডাঙৰ উন্নয়নমূলক প্ৰকল্প গঢ়ি তোলাৰ চিন্তা কৰিছে অসম চৰকাৰে। বিজ্ঞানসন্মতভাৱে, বিশেষজ্ঞৰ পৰামৰ্শ লৈ এই ভূমিক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, সেই লৈয়ে চলিছে আলাপ-আলোচনা।

সেই উদ্দেশ্যেই হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত লাহেশ্বৰী মন্দিৰৰ সমীপৰ বিশাল চৰ ভূমি স্বয়ং পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।

এতিয়া সকলোৰে চকু – এই ভূমিত কি নতুন প্ৰকল্প গঢ় লৈ উঠে!

Leave A Reply

Your email address will not be published.

Translate »