Your Mic Your Voice

মূল বিষয়ত ঐক্যমতত উপনীত নোহোৱাকৈয়ে আটলাণ্টা বৈঠক সামৰিব G20 ৰ বৈদেশিক মন্ত্ৰীসকলে

0

আমেৰিকাৰ আটলাণ্টাত অনুষ্ঠিত G20 ৰ বৈদেশিক মন্ত্ৰীসকলৰ দুদিনীয়া বৈঠক শনিবাৰে ঐক্যমতত উপনীত নোহোৱাকৈয়ে সামৰণি পৰিব। বিশেষকৈ ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত দেখা দিয়া গভীৰ বিভাজনে এই বৈঠকৰ আৰম্ভণিতে ছাঁ পেলায়।

এই বৈঠকৰ অন্তত কোনো যুটীয়া ইস্তাহাৰ প্ৰকাশ নহ’ব। তাৰ পৰিৱৰ্তে আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই এখন অধ্যক্ষৰ বিবৃতিহে প্ৰকাশ কৰিব বুলি বৈঠকত উপস্থিত থকা কূটনীতিবিদসকলে জানিবলৈ দিয়ে।

শুকুৰবাৰে বৈঠকৰ আৰম্ভণিতে ঐক্যৰ আহ্বান জনাইছিল ৰুবিঅ’ই। কিন্তু তাৰ আগতেই ইউৰোপীয় কূটনীতিবিদসকলে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভৰ সৈতে একেলগে ফটো উঠিবলৈ আপত্তি কৰাত পৰম্পৰাগত গ্ৰুপ ফটো বাতিল কৰিবলগীয়া হয়। কেইবাজনো ইউৰোপীয় বিষয়াই ফটো বৰ্জন বা ওলাই যোৱাৰ ভাবুকি দিয়াৰ পাছত ৰুবিঅ’ই এই সিদ্ধান্ত লয়।

unimex

পোলেণ্ডৰ বৈদেশিক মন্ত্ৰী ৰাডোশ্লাভ ছিকোৰস্কিয়ে কয়, “যুদ্ধ চলি আছে আৰু সেই যুদ্ধৰ অংশগ্ৰহণকাৰীসকল একেখন মেজতে আছে, সেয়েহে এক উমৈহতীয়া স্থিতিত উপনীত হোৱাটো অতি কঠিন।”

কূটনীতিবিদসকলৰ মতে, ৰাছিয়া-ইউক্ৰেইন সংঘাত, আমেৰিকা-ইজৰাইলৰ ইৰাণৰ বিৰুদ্ধে যুদ্ধ, আমেৰিকাৰ শুল্ক নীতি আৰু দক্ষিণ চীন সাগৰত চীনৰ কাৰ্যকলাপ আদি বিষয়ত গভীৰ মতানৈক্য আছে। এই বিবাদসমূহৰ বাবে বিশ্বজুৰি ইন্ধনৰ মূল্য বৃদ্ধি আৰু বাণিজ্যৰ অনিশ্চয়তা বৃদ্ধি পাইছে।

আনহাতে, G20 ৰ প্ৰতিষ্ঠাপক সদস্য দক্ষিণ আফ্ৰিকাক এইবাৰৰ বৈঠকলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই। লগতে ইউক্ৰেইনকো এইবাৰ আমন্ত্ৰণ জনোৱা হোৱা নাই। এই বিষয়টোৱেও মতানৈক্যৰ সৃষ্টি কৰিছে।

আমেৰিকাই জনোৱা মতে, হৰমুজ প্ৰণালী, লোহিত সাগৰ, ক’লা সাগৰ আৰু দক্ষিণ চীন সাগৰত নৌ-চলাচলৰ স্বাধীনতাই হৈছে এই বৈঠকৰ অন্যতম প্ৰধান লক্ষ্য।

Leave A Reply

Your email address will not be published.

Translate »