আনক উপদেশ দিয়া বন্ধ কৰক, বাৰাণসীত বিজেপিয়ে MLC নিৰ্বাচনত কিয় হাৰিলে আত্মবিশ্লেষণ কৰক: প্ৰধানমন্ত্ৰীক কংগ্ৰেছৰ কটাক্ষ
MLC নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শনক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা কটাক্ষৰ পাছত বৃহস্পতিবাৰে কংগ্ৰেছে ঘূৰাই প্ৰত্যুত্তৰ দিয়ে।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয়, “প্ৰধানমন্ত্ৰীক আত্মবিশ্লেষণৰ প্ৰয়োজন, কিন্তু তেওঁ আনক উপদেশ দি আছে। কংগ্ৰেছৰ আসন গণনা কৰাৰ আগতে তেওঁ চিন্তা কৰা উচিত আছিল যে তেওঁৰ নিজৰ সংসদীয় সমষ্টি বাৰাণসীৰ দুয়োখন আসনত বিজেপি কিয় পৰাজিত হ’ল, আৰু আৰএছএছৰ গড় নাগপুৰত কংগ্ৰেছে বিজেপিক কেনেকৈ পৰাস্ত কৰিলে।”

তেওঁ X ত হিন্দীত কৰা এটা পোষ্টত লিখিছে, “মোদীজী, ট্ৰলিং বন্ধ কৰক। কোটি কোটি পৰিয়াল কঁকাল ভঙা মূল্যবৃদ্ধিত ভুগি আছে, যুৱক-যুৱতী নিবনুৱা হৈ আছে আৰু ব্যক্তিগত বিনিয়োগ স্তব্ধ হৈ পৰিছে। অহংকাৰ এৰি এই বিষয়বোৰত চিন্তা কৰক।”
জয়ৰাম ৰমেশে লগতে কয়, “বাৰাণসী আৰু নাগপুৰৰ পৰা লক্ষ্ণৌ, প্ৰয়াগৰাজ আৰু পাটনালৈকে ৰাইজে স্পষ্টভাৱে আপোনাৰ নীতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত কৰিছে।”
উল্লেখযোগ্য যে চাৰিখন ৰাজ্যৰ ২৮ খন আসনত অনুষ্ঠিত হোৱা বিধান পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু ইয়াৰ NDA মিত্ৰজোঁটে ১৬ খন আসনত জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে এখন আসনতহে জয়ী হৈছে। আনহাতে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীয়ে বাৰাণসীৰ দুয়োখনকে ধৰি ৫ খন আসনত জয়লাভ কৰিছে।