অৱমাননা গোচৰত উচ্চতম ন্যায়ালয়ে সঞ্জয় ৰাউতক ব্যক্তিগতভাৱে আৰু নিখিল ৱাগলেক ভাৰ্চুৱেলি হাজিৰ হ’বলৈ ১৭ নৱেম্বৰত তলব
উচ্চতম ন্যায়ালয়ৰ অৱমাননা গোচৰত ডাঙৰ নিৰ্দেশ। শিৱসেনা (UBT) ৰ ৰাজ্যসভা সাংসদ সঞ্জয় ৰাউতক ১৭ নৱেম্বৰত ব্যক্তিগতভাৱে হাজিৰ হ’বলৈ আৰু জ্যেষ্ঠ সাংবাদিক নিখিল ৱাগলেক ভাৰ্চুৱেলি হাজিৰ হ’বলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।
মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়পালিকাক লক্ষ্য কৰি কৰা বিতৰ্কিত মন্তব্যক লৈ এই গোচৰৰ শুনানি চলি আছে। ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু বিপুল এম পাঞ্চোলিৰ বিচাৰপীঠে কয়, “এই বিষয়টো গোটেই ন্যায়পালিকা প্ৰতিষ্ঠানটোৰ সৈতে জড়িত। ইয়াৰ গুৰুত্ব বিবেচনা কৰি এই নিৰ্দেশ দিয়া হৈছে।”

উল্লেখ্য যে উচ্চতম ন্যায়ালয় বাৰ এছ’চিয়েচনে (SCBA) এই অৱমাননাৰ আবেদন দাখিল কৰিছিল। শুনানিৰ সময়ত ৱাগলেৰ হৈ অধিবক্তা ইন্দিৰা জয়সিঙে জনায় যে তেওঁ নিজৰ বিতৰ্কিত পোষ্ট ডিলিট কৰি নিঃচৰ্ত ক্ষমা বিচাৰিছে।
আনহাতে ৰাউতে সংবাদ সংস্থাক কয়, “মই আদালতৰ নিৰ্দেশ মানি ১৭ নৱেম্বৰত উপস্থিত থাকিম।”
ইয়াৰ পূৰ্বে ১৬ অক্টোবৰত আদালতে দুয়োজনকে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল।