ৰাম মন্দিৰৰ চান্দাৰ হিচাপ বিচাৰিছে দেশে, ‘চান্দা চোৰ’ সকলে জবাবদিহিতাৰ পৰা সাৰিব নোৱাৰে: কংগ্ৰেছ
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সংগ্ৰহ কৰা চান্দাক লৈ পুনৰ সৰৱ হৈছে কংগ্ৰেছ। দেশজুৰি ভক্তৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰা হৈছিল যদিও আজিলৈকে তাৰ স্বচ্ছ হিচাপ দিয়া নহ’ল বুলি অভিযোগ কংগ্ৰেছৰ।

কংগ্ৰেছৰ মতে, ৰামৰ নামত চান্দা সংগ্ৰহ কৰি একাংশই ব্যৱসায় চলাইছে। জনতাৰ অনুভূতিৰ সৈতে জড়িত এই ধনৰ প্ৰতিটো পইচাৰ হিচাপ ৰাইজক দিব লাগিব। ‘চান্দা চোৰ’ বুলি কটাক্ষ কৰি কংগ্ৰেছে কয়, ৰাম মন্দিৰৰ নামত দুৰ্নীতি কৰা সকল জবাবদিহিতাৰ পৰা সাৰি যাব নোৱাৰে।
বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰি চান্দাৰ ধন আত্মসাৎ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।