সাংসদৰ উন্নয়ন পুঁজি বৃদ্ধিৰ বিষয়ক অধ্যয়নৰ বাবে সংসদীয় পেনেলে মুখ্য বিষয় হিচাপে নিৰ্বাচন
নতুন দিল্লী: সাংসদ স্থানীয় এলেকা উন্নয়ন আঁচনি (MPLADS)ৰ পুঁজি বৃদ্ধিৰ দীৰ্ঘদিনীয়া দাবীক লৈ অৱশেষত গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। লোকসভা সচিবালয়ে শুকুৰবাৰে জাৰি কৰা এক বুলেটিন অনুসৰি, MPLADS সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতীয়ে ২০২৬-২৭ বৰ্ষৰ বাবে বিশদ পৰীক্ষাৰ বাবে ৬টা বিষয় নিৰ্বাচন কৰিছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে MPLADS ৰ পুঁজি বৃদ্ধি।
কমিটীয়ে ৫ অক্টোবৰত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে। কংগ্ৰেছ সাংসদ কে সুৰেশৰ নেতৃত্বত গঠিত এই কমিটীয়ে কেৱল পুঁজি বৃদ্ধিয়েই নহয়, আঁচনিখনৰ সামগ্ৰিক ৰূপায়ণ, নিৰীক্ষণ আৰু প্ৰযুক্তিগত প্ৰত্যাহ্বানসমূহো পৰীক্ষা কৰিব।
কি কি বিষয় পৰীক্ষা কৰিব সমিতীয়ে?

১. MPLADS পুঁজি মুকলিৰ বৰ্তমানৰ নিৰ্দেশনাৱলী পৰ্যালোচনা আৰু পুঁজি বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ মূল্যায়ন
২. উন্নয়নমূলক কামৰ সময়মতে নিৰীক্ষণ আৰু সম্পাদন
৩. E-SAKSHI প’ৰ্টেলৰ জৰিয়তে পুঁজি বিতৰণত হোৱা প্ৰযুক্তিগত বাধা
৪. জিলা পৰ্যায়ৰ সহায়তা কেন্দ্ৰৰ কাৰ্যক্ষমতা
৫. MPLADS আৰু নতুনকৈ প্ৰণয়ন কৰা Viksit Bharat-Guarantee for Rozgar and Ajeevika Mission (Gramin) – VB-G RAM G Act, 2025 ৰ মাজত সমন্বয়ৰ সম্ভাৱনা
বৰ্তমান প্ৰতিগৰাকী সাংসদে বছৰি ৫ কোটি টকাকৈ MPLADS ৰ অধীনত পায়। এই পৰিমাণ ২০১১-১২ চনৰ পৰা একে আছে, অৰ্থাৎ প্ৰায় ১৪ বছৰ ধৰি কোনো বৃদ্ধি হোৱা নাই। আনহাতে এই সময়ছোৱাত নিৰ্মাণ সামগ্ৰীৰ দাম দুগুণৰো অধিক বৃদ্ধি পাইছে।
এই পৰিপ্ৰেক্ষিতত লোকসভা আৰু ৰাজ্যসভাৰ বহু সাংসদে পুঁজি ১৮ কোটিৰ পৰা ২০ কোটি টকালৈ বৃদ্ধিৰ দাবী জনাই আহিছে। কিন্তু চৰকাৰে এতিয়ালৈকে এই সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই।
MPLADS আঁচনিখন ১৯৯৩ চনৰ ২৩ ডিচেম্বৰত ঘোষণা কৰা হৈছিল আৰু পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে ইয়াক পৰিচালনা কৰে। সাংসদসকলে নিজৰ সমষ্টিৰ স্থানীয়ভাৱে অনুভৱ কৰা প্ৰয়োজনীয়তাৰ ভিত্তিত টেকসই সামূহিক সম্পদ সৃষ্টিৰ বাবে এই পুঁজি ব্যৱহাৰ কৰিব পাৰে।