Your Mic Your Voice

OBC শ্ৰেণীবিভাজন নিৰ্ধাৰণৰ বাবে ধৰ্ম-নিৰপেক্ষতাৰ প্ৰশ্নত উচ্চতম ন্যায়ালয়ৰ ৰায়ে নতুন বাট মুকলি কৰিছে

0

অন্যান্য পিছপৰা শ্ৰেণী (OBC) সংৰক্ষণৰ ধৰ্ম-নিৰপেক্ষ চৰিত্ৰক লৈ উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ দিয়া এক ৰায়ে দেশজুৰি নতুন বিতৰ্কৰ সূচনা কৰিছে।

১৯২ চনৰ ইন্দ্ৰা ছাহনী বনাম ভাৰত চৰকাৰৰ গোচৰৰ ৰায়ৰ পিছৰ পৰা OBC শ্ৰেণীবিভাজন সদায় ধৰ্ম-নিৰপেক্ষ হৈ আহিছিল। অনুসূচিত জাতিৰ (SC) বাবে ধৰ্মৰ মাপকাঠী থকাৰ বিপৰীতে, OBC ৰ বাবে ১১ টা সামাজিক, শৈক্ষিক আৰু অৰ্থনৈতিক পিছপৰাৰ সূচকৰ ভিত্তিতহে শ্ৰেণীবিভাজন কৰা হৈছিল। OBC প্ৰমাণ-পত্ৰৰ ফৰ্মত কেতিয়াও আবেদনকাৰীৰ ধৰ্ম সোধা নহৈছিল।

কিন্তু যোৱা ১৫ অক্টোবৰত ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু শ্ৰী চন্দ্ৰশেখৰৰ বিচাৰপীঠে এটা গুৰুত্বপূৰ্ণ ৰায় দিয়ে। ৰায়ত কোৱা হয় যে এজন হিন্দু OBC ব্যক্তিয়ে আন ধৰ্মলৈ ধৰ্মান্তৰিত হ’লে তেওঁ সংৰক্ষণৰ অধিকাৰ হেৰুৱাব।

আদালতে ৰায়ত উল্লেখ কৰে যে হিন্দু OBC ব্যক্তিৰ সংৰক্ষণৰ “আইনী ভিত্তি” হৈছে “হিন্দু সামাজিক ব্যৱস্থাৰ সদস্যপদ”। হিন্দু সমাজত জাতি ব্যৱস্থাই ঐতিহাসিকভাৱে পিছপৰাৰ মূল উৎস বুলি আদালতে মন্তব্য কৰে।

unimex

এই ৰায়ে দুটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে:

১. ধৰ্মৰ ভিত্তিত সংৰক্ষণ নহ’ব:ইয়াৰ আগতে ২০২৪ চনৰ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে পশ্চিমবংগৰ ৭৭টা সম্প্ৰদায়ক (বেছিভাগ মুছলমান) OBC ত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে কলকাতা উচ্চ ন্যায়ালয়ৰ ৰায় শুনানিৰ সময়ত কৈছিল – “Reservation cannot be on the basis of religion”

২. ৰাজ্যৰ ভূমিকা:কেৰালাত ১৯৫৬ৰ পৰা, কৰ্ণাটকত ১৯৯৫ৰ পৰা মুছলমান সম্প্ৰদায়ক OBC হিচাপে সংৰক্ষণ দিয়া হৈছে। সচাৰ কমিটীয়েও মুছলমান OBC ৰ প্ৰতিনিধিত্ব অতি কম বুলি কৈছিল।

এতিয়া নতুন ৰায়ৰ পিছত, OBC ৰ ধৰ্ম-নিৰপেক্ষতাৰ নীতি সলনি হ’ব নেকি, তাক লৈ আইন বিশেষজ্ঞসকলৰ মাজত বিতৰ্ক আৰম্ভ হৈছে। ভৱিষ্যতে ধৰ্মান্তৰিত লোকৰ OBC স্থিতি কি হ’ব, সেয়া এতিয়া পুনৰ বিচাৰৰ বিষয় হৈ পৰিছে।

Leave A Reply

Your email address will not be published.

Translate »