শান্তিপূৰ্ণ প্ৰতিবাদ মৌলিক অধিকাৰ, কিন্তু প্ৰতিবাদকাৰীৰ বিশ্বাসযোগ্যতা জুখি চাব লাগিব: বম্বে উচ্চ ন্যায়ালয়
মুম্বাইত জীৱন-যাত্ৰাৰ ব্যয় বৃদ্ধিৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদৰ অনুমতি বিচৰা এখন আবেদনৰ শুনানিৰ সময়ত বম্বে উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আদালতে কয় যে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাটো প্ৰতিজন নাগৰিকৰ মৌলিক অধিকাৰ।
কিন্তু একে সময়তে আদালতে এটাও স্পষ্ট কৰি দিয়ে যে এই অধিকাৰৰ অপব্যৱহাৰ হ’ব নালাগে। প্ৰতিবাদৰ অনুমতি দিয়াৰ আগতে প্ৰতিবাদকাৰী কোন, তেওঁলোকৰ উদ্দেশ্য কি, আৰু তেওঁলোকে আগতে আইন ভংগ কৰিছে নে নাই, সেয়া চাই লোৱাটো আৰক্ষী আৰু প্ৰশাসনৰ দায়িত্ব।

সম্প্ৰতি ফ্ৰান্সত হোৱা হিংসাত্মক প্ৰতিবাদৰ উদাহৰণ দাঙি ধৰি আদালতে কয় যে ফ্ৰান্সত প্ৰায় ৫ লাখ লোকে শান্তিপূৰ্ণ প্ৰতিবাদ আৰম্ভ কৰিছিল যদিও পিছলৈ ই হিংসাত্মক ৰূপ লয়, দোকান লুটপাট আৰু অগ্নিসংযোগৰ ঘটনা ঘটে। যাৰ ফলত ২৫০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছিল। এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ আগতীয়া সতৰ্কতা প্ৰয়োজন।
ন্যায়াধীশে কয়, “আমি গণতন্ত্ৰত বাস কৰো, প্ৰতিবাদৰ অধিকাৰক আমি সন্মান কৰো। কিন্তু ৰাজহুৱা সম্পত্তিৰ সুৰক্ষা আৰু সাধাৰণ নাগৰিকৰ নিৰাপত্তাও সমানেই গুৰুত্বপূৰ্ণ। সেয়েহে প্ৰতিবাদকাৰীৰ Credentials বা পটভূমি পৰীক্ষা কৰাটো অপৰিহাৰ্য।”