Lehra Do Tiranga প্ৰতিবাদৰ পূৰ্বে CJP প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক দিল্লীত আটক
ককৰোচ জনতা পাৰ্টি (CJP) ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক দিল্লী আৰক্ষীয়ে আজি প্ৰতিৰোধমূলক আটক কৰিছে।
আজি বিয়লি ৫ বজাত কন’ট প্লেচৰ Central Park ত CJP এ আহ্বান কৰা ‘Lehra Do Tiranga’ প্ৰতিবাদত যোগ দিবলৈ ওলাওঁতেই NCP-SCP নেতা আনীশ গাৱাণ্ডেৰ বাসগৃহৰ পৰা ওলাই অহাৰ লগে লগে আৰক্ষীয়ে তেওঁক আটক কৰে।
আৰক্ষীৰ বিষয়াই কয় – “আমি আপোনাক প্ৰতিৰোধমূলক আটক কৰিছো। কন’ট প্লেচত BNSS ৰ ১৬৩ নং ধাৰা বলবৎ আছে।”

CJP নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাক জন্তৰ মন্তৰত তিৰংগা উৰুৱাৰ বাবে ৫ দিনৰ ন্যায়িক জিম্মালৈ পঠিওৱাৰ পিছতে এই প্ৰতিবাদৰ আহ্বান দিয়া হৈছে। লগতে নিৰ্বাচন আয়োগৰ মুৰব্বীৰ পদত্যাগৰ দাবীও তেওঁলোকে জনাইছে।
দিল্লী আৰক্ষীয়ে জনাইছে যে NDMC এ Central Park ত প্ৰতিবাদৰ অনুমতি দিয়া নাই আৰু Central Park ২ দিনৰ বাবে বন্ধ কৰা হৈছে।
মধ্য দিল্লীত ৬,০০০ ৰো অধিক দিল্লী আৰক্ষী আৰু ২২০ টা কোম্পানী CAPF জোৱান মোতায়েন কৰা হৈছে। মেট্ৰ’ ষ্টেচন আৰু পালিকা বজাৰতো কটকটীয়া নিৰাপত্তা।