শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে কঠোৰ হ’ল প্ৰশাসন, পূজা কমিটীৰ বাবে নতুন SOP জাৰি
দুৰ্গা পূজাৰ বাবে সাজু হৈছে ৰাজ্য। কিন্তু এইবাৰ পূজা কমিটীসকলে অলপ সাৱধান হোৱাটো জৰুৰী, কাৰণ প্ৰশাসনে জাৰি কৰিছে একগোট কঠোৰ নিয়মাৱলী। নিয়ম নামানিলে জৰিমনাৰ লগতে জেললৈকো যাব লগা হ’ব পাৰে।
কি কি মানিব লাগিব?
থানা আৰু APDCLৰ অনুমতি বাধ্যতামূলক – পূজা আয়োজনৰ পূৰ্বে স্থানীয় আৰক্ষী থানাৰ পৰা লিখিত অনুমতি আৰু বিদ্যুৎ সংযোগৰ বাবে APDCLৰ পৰা অস্থায়ী সংযোগৰ অনুমতি ল’বই লাগিব।

ৰাস্তা বন্ধ কৰিব নোৱাৰিব – কোনো কাৰণতে ৰাজহুৱা পথ, ফুটপাথ বন্ধ কৰি মণ্ডপ সাজিব নোৱাৰিব আৰু মণ্ডপৰ ১০০ মিটাৰৰ ভিতৰত গাড়ী পাৰ্কিং নিষিদ্ধ।
শব্দৰ সীমা – DJ সম্পূৰ্ণৰূপে বেন। মাইকৰ শব্দ ৬০ ডেচিবেলৰ ওপৰলৈ যাব নোৱাৰিব। সাংস্কৃতিক অনুষ্ঠান পাতিলেও আৰক্ষীক আগতীয়াকৈ জনাব লাগিব।
নিৰাপত্তা ব্যৱস্থা – মণ্ডপত ২৪ ঘণ্টা CCTV, জৰুৰীকালীন ওলাই যোৱা দুৱাৰ, পৰ্যাপ্ত পোহৰ, খোৱা পানী, ডাষ্টবিন, আৰু আৰক্ষী-অগ্নি নিৰ্বাপক বাহিনীৰ নম্বৰৰ বেনাৰ থকাটো বাধ্যতামূলক। লগতে স্বেচ্ছাসেৱকৰ তালিকা থানাত দিব লাগিব।
পৰিৱেশ আৰু নিচা নিষিদ্ধ – প্ৰতিমা নিৰ্মাণত প্লাষ্টিক/থাৰ্মকল নিষিদ্ধ, বিসৰ্জনৰ সময়ত নদীত কাপোৰ-প্লাষ্টিক পেলাব নোৱাৰিব, মণ্ডপ চৌহদত আৱৰ্জনা নিজে চাফা কৰিব লাগিব। মণ্ডপৰ ভিতৰত No Tobacco, No Alcohol বেনাৰ লগাই সুৰা-গুটখা সম্পূৰ্ণ নিষিদ্ধ কৰিব লাগিব।