দূৰদৰ্শন চৌহদলৈ স্থানান্তৰিত হ’ল গীতানগৰ থানা
গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাৰ ঠিকনা সলনি কৰা হৈছে। এতিয়াৰে পৰা গীতানগৰৰ হেমবৰুৱা উপপথত থাকিব গীতানগৰ আৰক্ষী থানা। দূৰদৰ্শন চৌহদৰ পুৰণি কোৱাৰ্টাৰত নতুনকৈ স্থাপন কৰা হৈছে থানাখন।

নতুনকৈ স্থাপন কৰা এই আৰক্ষী থানাখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰিব গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই।
থানা মুকলি অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকিব স্থানীয় বিধায়ক দিপ্লুৰঞ্জন শৰ্মা। ইয়াৰ উপৰিও অনুষ্ঠানত উপস্থিত থাকিব যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন, আৰক্ষীৰ মধ্য জিলাৰ DCP, ADCP, ACPকে ধৰি কেইবাখনো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকল।