Your Mic Your Voice

সকলো অত্যাৱশ্যকীয় ঔষধ আৰু চিকিৎসা সামগ্ৰীৰ বাণিজ্যিক মাৰ্জিনত সীমা বিচাৰে উচ্চতম ন্যায়ালয়ে

0

দেশত ঔষধৰ আকাশলংঘী দামক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। কৰ্কট ৰোগৰ ঔষধত ৩০ শতাংশ বাণিজ্যিক মাৰ্জিনৰ সীমা নিৰ্ধাৰণ কৰাটোৱে যথেষ্ট নহয় বুলি মন্তব্য কৰি সকলো অত্যাৱশ্যকীয় ঔষধ আৰু চিকিৎসা সামগ্ৰীৰ ক্ষেত্ৰত মাৰ্জিনত সীমা নিৰ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে।

ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠে কয় – “ৰোগীৰ বাবে একো লাভ হোৱা নাই। এইটো একেবাৰে সুখী হ’বলগীয়া কথা নহয়।”

আদালতে উদাহৰণ দি কয় যে ১১ টকাৰ চেলাইনৰ ড্ৰিপ বজাৰত ২৭০ টকাত বিক্ৰী হৈছে। ভাৰতত নিৰ্মিত কাৰ্ডিয়াক ষ্টেণ্টৰ দাম ৫,০০০ টকা যদিও হাস্পতালে ২৫,০০০ টকাতকৈ অধিক দামত বিক্ৰী কৰে। Azithromycin ৰ দৰে সাধাৰণ এণ্টিবায়টিকৰ প্ৰকৃত দাম ২৮ টকা যদিও ৭০ টকাত বিক্ৰী হয়।

ইয়াৰ পূৰ্বে ২৯ ছেপ্টেম্বৰত আদালতে কৰ্কট ৰোগৰ ঔষধৰ ১০ গুণ অধিক মাৰ্কআপক “Carnage” বুলি অভিহিত কৰিছিল। ২,৭০০ টকাত ৰিটেইলাৰক দিয়া ঔষধৰ MRP ২৭,০০০ টকা ৰখা হৈছিল।

unimex

আদালতৰ প্ৰশ্নৰ পিছত কেন্দ্ৰই কৰ্কট ৰোগৰ নন-শ্বিডিউল ঔষধত MRPৰ ৩০% মাৰ্জিন কেপ ঘোষণা কৰিছে, যাৰ ফলত ৰোগীৰ বছৰি প্ৰায় ২,৫০০ কোটি টকা সঞ্চয় হ’ব বুলি চৰকাৰে দাবী কৰিছে। কিন্তু আদালতে প্ৰশ্ন কৰে – যদি কৰ্কট ৰোগৰ ঔষধত কেপ লগাব পাৰে, তেন্তে সকলো ঔষধতে কিয় নোৱাৰে?

চৰকাৰৰ যুক্তি আছিল যে ভাৰতত ঔষধৰ দাম বিশ্বৰ ভিতৰত আটাইতকৈ কম আৰু অধিক মাৰ্জিনে দূৰ-দূৰণিৰ অঞ্চলত ঔষধ উপলব্ধ কৰাত সহায় কৰে।

কিন্তু ন্যায়ালয়ে কয় যে DPCO অনুসৰি ১৬% ৰিটেইলাৰ মাৰ্জিন সকলো ঔষধতে প্ৰযোজ্য কৰিব লাগে। বৰ্তমান NPPA এ মাত্ৰ ৩,৪৮২ বিধ শ্বিডিউল ঔষধৰ দাম নিয়ন্ত্ৰণ কৰে, যি মুঠ ৩ লাখ কোটি টকাৰ বজাৰৰ মাত্ৰ ১৮%। বাকী নন-শ্বিডিউল ঔষধত কোম্পানীয়ে ইচ্ছা অনুসৰি দাম বঢ়াব পাৰে।

আদালতে কেন্দ্ৰক ২৭ অক্টোবৰৰ ভিতৰত বহল মূল্য নিয়ন্ত্ৰণ ব্যৱস্থাৰ ৰূপৰেখা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

Leave A Reply

Your email address will not be published.

Translate »