নগাঁৱত বিজেপিৰ বৃহৎ বিজয়ৰ পিছত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ
কংগ্ৰেছ দলে সদায় ৰাইজক প্ৰতাৰণা কৰি আহিছে। বিশেষকৈ সংখ্যালঘু ৰাইজক কংগ্ৰেছে সদায় ব্লেকমেইল কৰি ৰাজনীতি কৰি আহিছে।

কংগ্ৰেছ ক্ষমতাত থাকোঁতে তেওঁলোকৰ সমস্যাবোৰ সমাধান নকৰাৰ বাবেই সংখ্যাগৰিষ্ঠ ৰাইজে বহু আগতেই কংগ্ৰেছক এৰি দিলে, এতিয়া সংখ্যালঘু ৰাইজেও কংগ্ৰেছক ভোট দিয়া নাই।
আনফালে বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক মন্তব্যৰে নিৰ্বাচনী প্ৰচাৰ চলাইছিল, ৰাইজে তাৰো উচিত প্ৰত্যুত্তৰ দিলে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।