Your Mic Your Voice

পৰীক্ষাৰ দিনা কোনো সমদল নহ’ব! প্ৰশাসনে অনুমতি ৰোধ কৰিব লাগে: NTA সংস্কাৰ সমিতিৰ পৰামৰ্শ

0

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)ৰ সংস্কাৰৰ বাবে গঠন কৰা সংসদীয় স্থায়ী সমিতিয়ে এক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। সমিতিয়ে কৈছে যে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ দিনা জিলা প্ৰশাসনে কোনো ধৰণৰ ৰেলী, সমদল বা ৰাজহুৱা সমাৱেশৰ অনুমতি দিব নালাগে।

শিক্ষা, মহিলা, শিশু, যুৱ আৰু ক্ৰীড়া সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ অধ্যক্ষ ৰাজ্যসভাৰ সাংসদ মুকুল ৱাছনিকৰ নেতৃত্বত এই প্ৰতিবেদন ৰাজ্যসভাৰ অধ্যক্ষক দাখিল কৰা হয়। NEET-UG কাকত ফাদিল কাণ্ডৰ পিছত NTAৰ ভূমিকা সন্দৰ্ভত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল।

unimex

সমিতিয়ে প্ৰতিবেদনত উল্লেখ কৰিছে যে পৰীক্ষাৰ দিনা ৰাজহুৱা সমদল বা বৃহৎ সমাৱেশে পৰীক্ষাৰ্থীৰ যাতায়তত পলম কৰিব পাৰে আৰু তেওঁলোকে ৰিপ’ৰ্টিং সময়ত উপস্থিত হ’ব নোৱাৰিব পাৰে। সেয়ে ৰাজহুৱা পৰীক্ষা (অনুচিত উপায় প্ৰতিৰোধ) আইন, ২০২৪ সংশোধন কৰি জিলা প্ৰশাসনক পৰীক্ষাৰ দিনা এনে অনুমতি ৰোধ কৰিবলৈ নিৰ্দেশ দিব লাগে বুলি সমিতিয়ে কয়।

লগতে পৰীক্ষাৰ্থী যাতে কোনো বাহ্যিক বিঘিনিৰ বাবে ক্ষতিগ্ৰস্ত নহয়, তাৰ বাবে যাতায়ত আৰু আইন-শৃংখলাৰ ব্যৱস্থা আগতীয়াকৈ সুনিশ্চিত কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।

উল্লেখযোগ্য যে, এতিয়ালৈকে NTA-এ কেৱল পৰীক্ষাৰ্থীক আগতীয়াকৈ কেন্দ্ৰত উপস্থিত হ’বলৈ পৰামৰ্শহে দি আহিছে। কিন্তু সমিতিয়ে কৈছে যে কেইমিনিটমান পলমকৈ অহাৰ বাবে পৰীক্ষাৰ্থীক প্ৰৱেশত বাধা দিয়াটোৱে তেওঁলোকৰ বছৰজোৰা পৰিশ্ৰম নষ্ট কৰে।

Leave A Reply

Your email address will not be published.

Translate »