নতুন দিল্লীত GST কাউঞ্চিলৰ বৈঠক আৰম্ভ, অধ্যক্ষতা নিৰ্মলা সীতাৰমণৰ
আজি নতুন দিল্লীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত GST কাউঞ্চিলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু বৈঠকৰ অন্তত বিত্তমন্ত্ৰীগৰাকীয়ে সংবাদমেলযোগে সেই সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে।
এইবাৰৰ বৈঠকত GST 2.0 ৰ অধীনত উদ্যোগপতি আৰু সাধাৰণ কৰদাতাসকলৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। বিত্তমন্ত্ৰীয়ে স্পষ্ট কৰে যে এইবাৰ GST ৰ হাৰৰ ক্ষেত্ৰত কোনো সাল-সলনি কৰা হোৱা নাই।

বৈঠকত গ্ৰহণ কৰা অন্যতম ডাঙৰ সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা কৰ বিষয়াসকলে নিজ ইচ্ছামতে কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। লগতে গোচৰৰ বাবে নিৰ্ধাৰিত সীমা পূৰ্বৰ ১ কোটি টকাৰ পৰা বৃদ্ধি কৰি ৫ কোটি টকালৈ কৰা হৈছে।
ইয়াৰ উপৰিও ১০ হাজাৰ বা তাতকৈ কম পৰিমাণৰ ৰাশিৰ ক্ষেত্ৰত কোনো জাননী জাৰি কৰা নহ’ব আৰু আগতে জাৰি কৰা এনে জাননীসমূহ উভতাই লোৱা হ’ব বুলি ঘোষণা কৰা হয়।
GST 2.0 ৰ অধীনত সম্পূৰ্ণ প্ৰক্ৰিয়াটো অনলাইনৰ জৰিয়তে কৰা হ’ব যাতে ব্যৱসায়িক প্ৰক্ৰিয়াটো অধিক সৰল হয়। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে পঞ্জীয়ন আৰু ৰিফাণ্ডৰ ব্যৱস্থাও অধিক সৰল কৰা হ’ব। এই আটাইবোৰ নতুন সিদ্ধান্ত অহা ১ এপ্ৰিল ২০২৭ ৰ পৰা কাৰ্যকৰী হ’ব।