Your Mic Your Voice

বিহালীৰ মোনাবাৰীত বন্যহস্তীৰ তাণ্ডৱ: তিনিখন বাসগৃহ ভাঙি লণ্ডভণ্ড, আহত ২

0

দিনক দিনে ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। জনাঞ্চল এৰি বনাঞ্চললৈ ঢাপলি মেলিবলগীয়া হৈছে বন্যহস্তীয়ে, কিন্তু চকু মুদা কুলিৰ ভাও ধৰিছে বিয়াগোম বন বিভাগে। তাৰে আন এক উদাহৰণ সংঘটিত হ’ল যোৱা নিশা বিহালীৰ মোনাবাৰীত।

যোৱা নিশা প্ৰায় ১২ বজাত খাদ্যৰ সন্ধানত অহা প্ৰায় ২০-২৫ টা বন্যহস্তীৰ এটা জাকে মোনাবাৰী চাহ বাগিচাৰ লাইনত প্ৰৱেশ কৰি তাণ্ডৱ চলায়।

বন্যহস্তীৰ দলটোৱে তিনিখনকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। ঘৰৰ ভিতৰত থকা চাউল, আটা আৰু আন খাদ্য সামগ্ৰী খাই পেলায়। পৰিয়াল কেইটা এতিয়া মুকলি আকাশৰ তলত থাকিবলগীয়া হৈছে।

ভুক্তভোগীসকল হৈছে – চৰণ কোঁৱৰ, শ্ৰীবাসী কোঁৱৰ আৰু বুধুৰাম কোঁৱৰ।

unimex

এই আক্ৰমণত দুজন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে চৰণ কোঁৱৰৰ ভৰি ভাঙিছে আৰু শ্ৰীবাসী কোঁৱৰৰ হাতত গুৰুতৰভাৱে আঘাত পাইছে। দুয়োজনকে ততাতৈয়াকৈ বিশ্বনাথৰ টোমুকি চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

ঘটনাৰ পিছতে আজি পুৱা বিহালীৰ বিধায়ক জয়ন্ত বৰা, স্থানীয় পঞ্চায়ত প্ৰতিনিধি আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ঘটনাস্থল পৰিদৰ্শন কৰে। তেওঁলোকে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ আশ্বাস দিয়ে।

স্থানীয় ৰাইজৰ অভিযোগ, বাৰে বাৰে বন বিভাগক জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। হাতী খেদাৰ বাবে কোনো দল বা লাইটৰ ব্যৱস্থা নাই।

ইফালে অসম চাহ জনজাতি ছাত্ৰ সন্থাই চৰকাৰক শীঘ্ৰে স্থায়ী সমাধানৰ দাবী জনাইছে, অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে।

Leave A Reply

Your email address will not be published.

Translate »