ভাৰতৰ মানচিত্ৰত কিয় দেখা যায় শ্ৰীলংকা? ৯৯% মানুহে নাজানে এই ৰহস্য!
আপুনি কেতিয়াবা ভাৰতৰ মানচিত্ৰখন ভালদৰে মন কৰিছেনে? যদি মন কৰিছে তেন্তে দেখিছে চাগে তলৰ ফালে তামিলনাডুৰ ওচৰত সৰুকৈ এখন দ্বীপ ৰাষ্ট্ৰ দেখা যায়। সেইখনেই হৈছে শ্ৰীলংকা। বহুতৰে মনত প্ৰশ্ন আহে – শ্ৰীলংকা যেতিয়া ভাৰতৰ অংশই নহয়, তেন্তে ভাৰতৰ মেপত কিয় দেখুওৱা হয়?
আচল কাৰণ কি?
প্ৰথম কথা, শ্ৰীলংকা ভাৰতৰ অংশ নহয়, ই এখন সম্পূৰ্ণ স্বাধীন সাৰ্বভৌম দেশ। কিন্তু ভৌগোলিকভাৱে ই ভাৰতৰ একেবাৰে কাষত অৱস্থিত। ভাৰতৰ ধনুষ্কোডি আৰু শ্ৰীলংকাৰ তালাইমন্নাৰৰ মাজৰ দূৰত্ব মাত্ৰ ৩১ কিলোমিটাৰ। মাজত আছে পক প্ৰণালী আৰু আদমৰ দলং।
ভাৰতৰ মানচিত্ৰত শ্ৰীলংকাক ৰখাৰ ৩টা মূল কাৰণ আছে:

১. ভৌগোলিক সম্পূৰ্ণতাৰ বাবে:যদি শ্ৰীলংকাক কাটি দিয়া হয়, তেন্তে ভাৰতৰ দক্ষিণৰ অংশটো অসম্পূৰ্ণ যেন লাগিব। মানচিত্ৰখন দেখাত বেয়া লাগিব।
২. অৱস্থান বুজাবলৈ:ভাৰতৰ দক্ষিণত কোন আছে, ভাৰত মহাসাগৰ ক’ত আৰম্ভ হৈছে, সেইটো বুজাবলৈ শ্ৰীলংকাক Reference হিচাপে দেখুওৱা হয়।
৩. আন্তঃৰাষ্ট্ৰীয় নিয়ম:Survey of India আৰু আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰ নিয়ম অনুসৰি, ওচৰৰ দেশবোৰ হালকা ৰঙেৰে দেখুওৱা হয় যাতে সীমা স্পষ্ট হয়। লক্ষ্য কৰিব, ভাৰতৰ মেপত ভাৰত গাঢ় ৰঙেৰে থাকে আৰু শ্ৰীলংকা পাতল বগা বা হালধীয়া ৰঙেৰে থাকে।
সেয়ে ইয়াৰ আঁৰত কোনো ৰাজনৈতিক ষড়যন্ত্ৰ নাই। ই কেৱল মানচিত্ৰখনক অধিক স্পষ্ট আৰু সুন্দৰকৈ দেখুওৱাৰ এক পদ্ধতিহে।